বিতৰ্কিত মন্তব্যৰে হিন্দুৰ অনুভূতিত আঘাত! পোষ্টটো ডিলিট কৰি ক্ষমা বিচাৰিলে লাকী আলীয়ে

বিপাঙত গায়ক লাকী আলী। কিছুদিন পূৰ্বে লাকিয়ে ফেচবুকত এটা পোষ্ট কৰিছিল। সেই পোষ্টটোত তেওঁ লিখিছিল, “ব্ৰাহ্মণ নামটো ‘ব্ৰহ্ম’ৰ পৰা আহিছে, যিটো আহিছে ‘আব্ৰাম’…আব্ৰাহম বা ইব্ৰাহিমৰ পৰা।” গতিকে ব্ৰাহ্মণসকল ইব্ৰাহিম আলাইহিছালামৰ বংশধৰ। যি সমগ্ৰ জগতৰ শাসক। গতিকে আমাৰ মাজত কিয় অকাৰণতে ইমান যুঁজ আৰু কাজিয়া?’’

স্বাভাৱিকতে, গায়কজনৰ পোষ্টটো সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। গায়কজনে সেই পোষ্টটো ততাতয়াকৈ ডিলিট কৰিবলগীয়া হয়। তথাপিও ৰক্ষা নাপালে।

লগতে পঢ়ক: এইবাৰ ‘মাংস ভক্ষক’ বেক্টেৰিয়াৰ সন্ধান! সংক্ৰমিত হ’লে এদিনৰ ভিতৰত হ’ব পাৰে মৃত্যু

এই পোষ্টটো ভাইৰেল হোৱাৰ পিছতে নেটিজেনৰ এটা অংশৰ ৰোষৰ সন্মুখীন হ’ল লাকী আলী। শিল্পীগৰাকীক অহৰহ ভাবুকি দিয়া হয়। অৱশেষত বিপদৰ কথা উপলব্ধি কৰি লাকিয়ে বিতৰ্কিত পোষ্টটো ডিলিট কৰি পেলায়। ইয়াৰ পিছতে ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ বাধ্য হয় ‘অ’ চনম’ৰ  কণ্ঠশিল্পীগৰাকী।

ফেচবুকত এটা নতুন পোষ্টত লাকিয়ে লিখিছে, “মই বুজি পাইছো যে মোৰ আগৰ পোষ্টটোৱে বিতৰ্কৰ সৃষ্টি কৰিছে। কাকো কষ্ট বা আঘাত দিয়া মোৰ উদ্দেশ্য নাছিল আৰু মই গভীৰভাৱে দুখী।”

তেওঁ লগতে লিখিছে, ‘’কিন্তু বুজিলোঁ, মই কি ক’ব বিচাৰিছো সেয়া স্পষ্ট কৰিব পৰা নাছিলো। এতিয়াৰ পৰা মই যিকোনো কথা পোষ্ট কৰাৰ আগতে শব্দৰ প্ৰতি সচেতন হ’ম। কাৰণ মই বুজি পাওঁ যে মোৰ বক্তৱ্যই বহু হিন্দু ভাই-ভনীৰ আৱেগক আঘাত দিছে।‘’

লগতে পঢ়ক: গুৰু-শিষ্যৰ সম্পৰ্কত কালিমা! যৌন নিৰ্যাতনৰ অভিযোগত তোলপাৰ ভাৰতীয় নৃত্য একাডেমী

দীৰ্ঘদিন ধৰি হিন্দী ছবি জগতৰ পৰা নিজকে আঁতৰাই ৰাখিছে লাকী আলীয়ে। অৱশ্যে শিল্পীগৰাকীয়ে এতিয়াও দেশৰ বিভিন্ন প্ৰান্তত নিজৰ একক কনচাৰ্ট পৰিবেশন কৰে।