• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেনে আছে সুবাসনা : মঞ্চ কঁপাবলৈ সাজু হৈ উঠিলেনে মেল’ডী কুইন?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 26, 2019 6:36 pm
57205947_2617312921673356_2586188400935567360_n

সংগীত পৰিৱেশনৰ সময়ত শিল্পী সুবাসনা দত্ত। ফাইল ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাৎ সুস্থ হৈ উঠিছে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী সুবাসনা দত্ত। ব’হাগৰ আৰম্ভণিতে দুৰ্ঘটনাত পতিত হৈ কেইবাখনো মঞ্চৰ অনুষ্ঠান বাতিল কৰিবলগীয়া হৈছিল যদিও অহা ৩০ মে’ৰ পৰা ১২ মে’ লৈকে একালেঠাৰিয়ে কেইবাখনো মঞ্চত দৰ্শক তথা অনুৰাগীসকলক আপ্লুত কৰিবলৈ সাজু হৈছে শিল্পীগৰাকী। দত্তৰ ব্যক্তিগত পৰিচালকে নৰ্থ ইষ্ট নাওক এই কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে, যোৱা ১৯ এপ্ৰিলৰ দিনা পুৱতি নিশা বঙাইগাঁৱত সংগীতানুষ্ঠান সামৰি আহি থকা অৱস্থাতে ৰঙিয়াৰ উদীয়ানাত শিল্পীগৰাকীৰ ডাস্তাৰ বাহনখন দুৰ্ঘটনাত পতিত হয়। ফলত শিল্পী সুবাসনাৰ লগতে তেওঁৰ মেনেজাৰ শেখৰজ্যোতি বৈশ্য গুৰুতৰভাৱে আহত হয়।

Apply Now

মহানগৰীৰ এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হ’বলগীয়া হোৱা বাবে শিল্পীগৰাকীয়ে ১৯ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈকে বহুকেইখন সংগীতানুষ্ঠান বাতিল কৰিবলগীয়া হয়। তাৰ বাবে সংশ্লিষ্ট উদ্যোক্তা আৰু তেওঁৰ অনুৰাগীসকলক নিৰাশ নহ’বলৈ অনুৰোধ জনাই ফেইচবুক পেইজৰ জৰিয়তে অনুৰোধ জনাইছিল দত্তই।

তদুপৰি, কালিৰে পৰা শিল্পীগৰাকীৰ পুনৰ বুকিং আৰম্ভ হৈছে বুলি তেওঁৰ মেনেজাৰে আমাক জনায়। সংগীতানুষ্ঠান নতুনকৈ বুকিং কৰিব বিচৰাসকলে 7002118771 অথবা 9613000350 নম্বৰত ফোন কৰিব পাৰে বুলিও তেওঁ আমাৰ আগত সদৰী কৰে।

ইপিনে, অহা ২৯ এপ্ৰিলৰ দিনা চিকিৎসকে দত্তক এক স্বাস্থ্য পৰীক্ষা কৰিব বুলিও মেনেজাৰে জানিব দিয়ে। অহা ৩০ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈকে তেজপুৰ, মৰাণ, পাঠশালা, কাছবাৰী(বাইহাটা চাৰিআলি), জামগুৰিহাট ইত্যাদি ঠাইত সংগীতানুষ্ঠান আছে শিল্পীগৰাকীৰ।

আনহাতে, শিল্পীগৰাকী সুস্থ হৈ উঠা বুলি জনাত ব’হাগৰ বতৰত অনুৰাগী আৰু শ্ৰোতা দৰ্শকেও তেওঁৰ কন্ঠৰ গীত শুনিবৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে। তাৰ সমান্তৰালকৈ শিল্পীগৰাকীয়েও ‘আপোনালোকৰ মৰম আৰু মিনতিৰ বাবেই মই ক্ৰমে সুস্থ হৈ উঠিছো৷’ বুলি ফেইচবুকযোগে সদৰী কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd