বুধবাৰে আপ নেতা সৌৰভ ভৰদ্বাজে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। আপ নেতাগৰাকীৰ দাবী যে দিল্লীৰ আৱকাৰী নীতি কেলেংকাৰি গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী তথা আপ নেতা মনীষ ছিছ’দিয়াক তিহাৰ জে’লৰ ১ নং কোঠাত কুখ্যাত হত্যাকাৰীৰ সৈতে একেলগে ৰখা হৈছে।
সৌৰভ ভৰদ্বাজৰ মতে ছিছ’দিয়াক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিয়েই তিহাৰ জে’লৰ ১ নং কোঠাত ৰখা হৈছে। “এজন আণ্ডাৰট্ৰাইল কাৰাবন্দীক কেতিয়াও ১ নং চেলত ৰখা নহয়। হত্যাৰ দৰে জঘন্য অপৰাধীকহে ১ নং চেলত ৰখা হয়।” আপ নেতাগৰাকীয়ে কয়।
“এই কোঠাৰ একাংশ অপৰাধী মানসিকভাৱেও সুস্থ নহয়। তেওঁলোক অন্য গোচৰত অভিযুক্ত বা জড়িত হয় নে নহয় সেয়া বিচাৰ্য বিষয় নহয়। আদালতৰ নিৰ্দেশ আছিল যে মনীষ ছিছ’দিয়াক বিপাসনা চেলত ৰাখিব লাগিব। আমি ৰাজনৈতিক প্ৰতিদ্বন্দ্বী, কিন্তু কেন্দ্ৰই এতিয়া ৰাজনৈতিক হত্যাকাণ্ড সংঘটিত কৰিব নেকি?” সৌৰভ ভৰদ্বাজৰ প্ৰশ্ন।
কাৰাগাৰ কৰ্তৃপক্ষই পূৰ্বে জনাইছিল যে ছিছ’দিয়াক জ্যেষ্ঠ নাগৰিকৰ এটা কোঠাত ভৰ্তি কৰা হৈছে। আন যিকোনো কয়দীৰ দৰে দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীগৰাকীকো সকলোবোৰ প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰা হৈছে।
“আমি ৰাজনৈতিক প্ৰতিদ্বন্দ্বী। কিন্তু এনে শত্ৰুতা গ্ৰহণযোগ্য নে? আপোনালোক আমাৰ হাতত কেইবাবাৰো পৰাস্ত হৈছে। ইমানবোৰ ষড়যন্ত্ৰৰ পিছতো মেয়ৰ আৰু ডেপুটি মেয়ৰৰ পদ আমি লাভ কৰিলো। আপোনালোকে আমাৰ নেতাসকলক জে’ললৈ পঠিয়াইছে, কিন্তু মানুহৰ সহানুভূতি আমাৰ লগত আছে।” সৌৰভ ভৰদ্বাজে লগতে আৰু কয়।
ইপিনে আপৰ সাংসদ সঞ্জয় সিঙে কয়, “মনীষ ছিছ’দিয়াৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে বুলি আমাৰ চিন্তা হৈছে। আপোনালোকে কিয় ইমান ভয় কৰে ছিছ’দিয়াক? প্ৰথমবাৰৰ বাবে বন্দী হোৱা এজন অভিযুক্তক এনে অপৰাধীৰ লগত ৰখা হৈছে কিয়?”
উল্লেখ্য যে, যোৱা ২৬ ফেব্ৰুৱাৰীত দিল্লী সুৰা নীতিৰ গোচৰত ছিছদিয়াক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল। ৬ মাৰ্চত আদালতে তেওঁক ২০ মাৰ্চলৈকে ১৪ দিনীয়া ন্যায়িক জিম্মাত প্ৰেৰণ কৰে। ইয়াৰ পাছতে তেওঁৰ ঠিকনা হয় তিহাৰ কাৰাগাৰ।