শিৱসাগৰত অতিৰিক্ত ওজন কঢ়িওৱা কয়লা, শিল, বালিৰ গাড়ীৰ চলাচলত নিষেধাজ্ঞা

Heavy Vehicles
শিৱসাগৰ জিলা প্ৰশাসনে এটা নিৰ্দেশ যোগে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ জিলাখনত শিল, বালি, কয়লা কঢ়িওৱা ৬, ১০ আৰু ১৮ চকীয়া বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই এই নিষেধাজ্ঞা জাৰি কৰিছে।
নিষেধাজ্ঞাটোত কোৱা হৈছে যে যান-বাহন আইন, ১৯৮৮ -এ নিৰ্ধাৰণ কৰি থোৱা সৰ্বোচ্চ সীমাৰ ওজনতকৈ অধিক ওজনৰ সামগ্ৰী কঢ়িওৱা নিষেধ। লগতে নিশা ৮ বজাৰ পৰা পুৱা ৬ বজালৈ কয়লা কঢ়িওৱা ট্ৰাকৰ চলাচলত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা আৰোপ কৰিছে।
নিষেধাজ্ঞাটোত কোৱা হৈছে যে এই নিষেধাজ্ঞা ভংগ কৰাসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত কঠোৰ শাস্তিমূলক ব্যৱস্থা লোৱা হব।
উল্লেখ্য যে, শিৱসাগৰত কয়লা , শিল, বালি কঢ়িওৱা গাড়ীসমূহে নিৰ্ধাৰিত ওজনতকৈ অধিক ওজনৰ সামগ্ৰী কঢ়িওৱা বাবে জিলাখনৰ পথসমূহ অনিষ্ট হোৱাৰ লগতে এইবোৰৰ চালকৰ দৌৰাত্ম্যৰ বাবে জনজীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈ আহিছে। অত্যধিক ওজন কঢ়িয়াই অনা বাহনৰ দ্বাৰা জিলাখনত বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে, যাৰ ফলত বহুকেইজন লোকে অকালতে জীৱন হেৰুৱাব  লগা হয়। কিন্তু মন কৰিব লগীয়া কথাটো হ’ল এই নিষেধাজ্ঞা জিলাখনত ৬০ দিনৰ বাবেহে বাহল থাকিব।