• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰ প্ৰশাসনৰ উচ্ছেদত গৃহহীন হৈ পৰিল ১৪টা পৰিয়াল

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , May 13, 2019 10:18 pm

2 min read

eviction in Sivasagar

ফটো : নৰ্থ-ইষ্ট নাও

2k
VIEWS
Share on FacebookShare on Twitter

আজি শিৱসাগৰ জিলা প্ৰশাসনে এক বিশাল আৰক্ষী বাহিনী লগত লৈ ঐতিহাসিক ন পুখুৰীৰ পাৰত আশ্ৰয় লৈ থকা প্ৰায় চৈধ্যতা পৰিয়ালৰ ঘৰত উচ্ছেদ অভিযান চলায়।

যোৱা শনিবাৰে জিলা প্ৰশাসনে উক্ত পৰিয়াল কেইটাক ঘৰ খালি কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছিল। আৰু সেই ভিত্তিতেই আজি পুৱা আমগুৰি ৰাজহ চক্ৰ বিষয়া মৌচুমী চেতিয়াৰ উপস্থিতিত এক বিশাল আৰক্ষী বাহিনীয়ে পৰিয়াল কেইটাৰ বাসগৃহ সমূহ জেচিবি লগাই ভাঙি দিয়ে।

অচম্বিতে জিলা প্ৰশাসনে চলোৱা উচ্ছেদৰ বাবে এতিয়া উপায়ন্তৰ হৈ পৰিছে উক্ত পৰিয়াল কেইটা। গৃহহীন  হৈ পৰা উক্ত পৰিয়াল কেইটাৰ বহুতো ল’ৰা-ছোৱালী স্কুল-কলেজত পঢ়ি থকাৰ লগতে বহু বৃদ্ধাই সমস্যাত পৰা পৰিলক্ষিত হৈছে।

প্ৰায় চল্লিছ বছৰ ধৰি এই দুখীয়া ভূমিহীন কৈৱৰ্ত জনগোষ্ঠীৰ পৰিয়াল কেইটাই এই পুখুৰীটোৰ পাৰত জীৱন নিৰ্বাহ কৰি আছিল।

আনহাতে উক্ত ন পুখুৰী পাৰৰ উচ্ছেদ সন্দৰ্ভত সদৌ অসম কৈৱৰ্ত ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এটি সজাতি দলে আজি শিৱসাগৰ জিলা উপায়ুক্তক সাক্ষাৎ কৰি অতি শীঘ্ৰে উচ্ছেদিত প্ৰকৃত ভূমিহীন পৰিয়াল কেইটাক সংস্থাপন দিয়াৰ দাবীৰে এক স্মাৰক পত্ৰ প্ৰদান কৰে।

ইয়াৰ উপৰি কৈৱৰ্ত ছাত্ৰ সন্থাই ঐতিহাসিক পুখুৰী পাৰত চলোৱা উচ্ছেদ কাৰ্যক আদৰণী জনোৱাৰ লগতে সংৰক্ষণৰো পোষকতা কৰিছে। কিন্তু বৈষম্য মূলক ভাৱে নিদিষ্ট ঠাই সমূহ বাছি লোৱাতো উদ্বেগজনক বুলি উল্লেখ কৰিছে।

আনহাতে পৰিয়াল কেইটাই ঘৰ এৰিবলৈ সাজু আছিল যিহেতু তেওঁলোকক কিছু সময় দিয়াৰ প্ৰয়োজন আছিল বুলিও মন্তব্য কৰে কৈৱৰ্ত ছাত্ৰ সন্থাই।

ইফালে গৃহহীন হৈ পৰা প্ৰায় ৯ টা পৰিয়ালক কৈৱৰ্ত ছাত্ৰ সন্থা আৰু স্থানীয় মানৱ দৰদী ৰাইজে আজি পুৰণি পুখুৰী পাৰৰ  ৰাজহুৱা ৰংগমঞ্চতে নিশা কটাবলৈ এক আশ্ৰয় শিবিৰ মুকলি কৰি দিছে। বৰষুণ আৰু বাৰিষাৰ মাজতে এনেদৰে হঠাৎ চলোৱা উচ্ছেদ অভিযানক অমানৱীয় বুলি একাংশ ৰাইজে মত পোষণ কৰিছে।

Recent News

Kaliabor

কলিয়াবৰত অভিলাষী বিজ্ঞান প্ৰকল্পৰ আধাৰশিলা স্থানপন কৰিব মন্ত্ৰী কেশৱ মহন্তই

WhatsApp Image 2021-01-16 at 5.08.15 PM

বেটে-বলে উজলিল ৰিয়ান পৰাগ; মুস্তাক আলী ট্ৰফীত বংগক হৰুৱালে অসমে

index.jpga

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ আৱৰ্জনা পৰিষ্কাৰ

images

গাঁওখনৰ প্ৰায় কোনোৱে কাণেৰে নুশুনে, ইংগিতেৰে কথা কয়! চাওক ক’ত আছে এইখন গাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd