NORTHEAST NOW (Assamese)

অসম ৰাজ্যিক পৰিবহণ নিগম শিৱসাগৰৰ বাছ আস্থানত মৰণফান্দ সদৃশ গাঁত; শীঘ্ৰে মেৰামতিৰ দাবী

July 22, 2019 2:55 pm · পাৰ্শ্বজ্যোতি গগৈ

অসমৰ ভিতৰত সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ শিৱসাগৰ কাৰ্যালয়ৰ বাছ আস্থানত বৃহৎ বৃহৎ গাঁতৰ বাবে যি কোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে।

বাছ আস্থানটোৰ গাড়ী ৰখোৱা মজিয়াখনত সম্প্ৰতি বৃহৎ বৃহৎ দ’ গাঁতৰ সৃষ্টি হোৱাৰ লগতে ভিতৰৰ ৰদ ওলাই গৈছে। যাৰ বাবে এজাক কিনকিনিয়া বৰষুণতে গাঁত বোৰত একাঁঠু পৰ্যন্ত পানী হোৱাত যাত্ৰী সকলৰ মাজত সমস্যাৰ সৃষ্টি হৈছে।

ইতিমধ্যে বাছ আস্থানটোৰ দ’ গাঁতত পৰি বহু যাত্ৰী আহত হ’বলগীয়া হৈছে। বাছ আস্থানটোৰ হস্পিতেল ৰোডৰ ফালে থকা প্ৰৱেশ দ্বাৰত এই বৃহৎ বৃহৎ গাঁতৰ ফলত যাত্ৰীৰ লগতে বাহন সমূহৰ পাৰ্কিঙৰ সময়তো বাহনৰ গৰাকীসকলে ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

শিৱসাগৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত অ’ এন জি চিত বহুসংখ্যক গাড়ী চলি আছে আৰু অ’ এন জি চিৰ পৰা মাহে বৃহৎ পৰিমাণৰ ধন লাভ কৰি আহিছে বিভাগটোৱে।

কিন্তু মনকৰিবলগীয়া যে ইয়াৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই কি কাৰণত দ’ দ’ গাঁতসমূহ মেৰামতি কৰিব পৰা নাই তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। অসমৰ ভিতৰত সবাতোটকৈ বেছি ৰাজহ শিৱসাগৰৰ পৰিবহণ বিভাগৰ পৰাই আহৰণ কৰা হয়।

ইফালে কুম্ভকৰ্ণ নিদ্ৰাত থকা বিভাগটোৰ শীৰ্ষ বিষয়া-কৰ্মচাৰীয়ে এই সমূহ গাঁত পুনৰ মেৰামতি কৰিবলৈ আজিকোপতি কোনো পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে অতি শীঘ্ৰে এই সমূহ গাঁত মেৰামতি কৰিবলৈ দাবী উত্থাপন কৰিছে।

Related News