শিৱসাগৰত জিলা উপায়ুক্তৰ অধ্যক্ষতাত জিলা উন্নয়ন সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

শিৱসাগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত হয়।

বৈঠকৰ আৰম্ভণিতে উপায়ুক্তই জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলক পাৱাৰ পইণ্ট প্ৰেজেণ্টেচনৰ যোগেদি বিভাগীয় আঁচনি আৰু কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰিবলৈ কয়।

উপায়ুক্ত গৰাকীয়ে বিভাগীয় মুৰব্বীসকলক ক্ষিপ্ততাৰে আঁচনিসমূহ ৰুপায়ণ কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত গুণগত মানদণ্ডৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবৰ বাবে আহ্বান জনায় যাতে জনসাধাৰণে চৰকাৰী আঁচনিৰ যোগেদি প্ৰকৃততে সুফল লাভ কৰিব পাৰে।

স্বাস্থ্য বিভাগৰ আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ সময়ত উপায়ুক্ত গৰাকীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে আৰু এই সন্দৰ্ভত স্বাস্থ্য সেৱাসমূহৰ যুটীয়া সঞ্চালকক নজৰ ৰাখিবলৈ কয়।

সভাত জিলা উপায়ুক্তই কৃষকসকলক কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ প্ৰদানৰ ক্ষেত্ৰত ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

স্বাস্থ্য সেৱাসমূহৰ যুটীয়া সঞ্চালকে জিলাখনত শেহতীয়াভাৱে শিশুৰ মৃত্যুৰ হাৰ আৰু গৰ্ভাৱস্থাত মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি জানিবলৈ দিয়ে। জিলা উপায়ুক্তই অহা ৩১ মাৰ্চ তাৰিখৰ ভিতৰত সমগ্ৰ জিলাতেই টীকাকৰণৰ কাম ১০০ শতাংশই সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, বৰ্তমানলৈ জিলাখনত আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ২,৪৯১ গৰাকী আৰু অটল অমৃত যোজনাৰ অধীনত ৪,০,৯,০৯৬ গৰাকী হিতাধিকাৰী সামৰি লোৱা হৈছে।

জিলা উপায়ুক্ত গৰাকীয়ে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা প্ৰতিৰোধৰ ক্ষেত্ৰত ল’বলগীয়া সতৰ্কতামূলক ব্যৱস্থা সম্পৰ্কে ৰাইজৰ মাজত বহুলভাৱে সজাগতা বৃদ্ধি কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। তেওঁ বিদ্যালয় সমূহৰ পৰিদৰ্শকক স্বাস্থ্য আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত জিলাখনৰ বিদ্যালয় সমূহত পদ্ধতিগত ভাৱে হাত ধুৱাৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ কয়।

সভাৰ অন্তত জিলা উপায়ুক্তই সকলো চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকলক চৰকাৰী কাম-কাজ, যোগাযোগ, চিঠি-পত্ৰ আদিত বহুলভাৱে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল্ আজহাৰ আলি, অতিৰিক্ত উপায়ুক্ত জুনুমণি সোনোৱাল আৰু বিদিত দাস, নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামী, সহকাৰী আয়ুক্ত মনালী প্ৰসাদ ৰজকৰ উপৰিও জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে।