• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ প্ৰথমটো ই-অফিচ হিচাপে উন্নীত শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 1, 2019 5:10 pm
IMG-20190831-WA0015

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী কাম-কাজৰ গতি ত্বৰান্বিত আৰু ৰাজহুৱা সেৱা প্ৰদানৰ জটিলতা দূৰ কৰাৰ অৰ্থে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এতিয়াৰ পৰা পৰম্পৰাগত ফাইলৰ পৰিৱৰ্তে কাম-কাজ হ’ব ইলেক্ট্ৰনিক মাধ্যমেৰে।

কাৰ্যালয়টোত কাগজৰ ব্যৱহাৰ বন্ধ কৰাৰ লক্ষ্যৰে যোৱা ৩১ আগষ্ট অৰ্থাৎ শনিবাৰে উজনি অসমৰ মাণ্ডলীক আয়ুক্ত জুলী সোণোৱালে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত ই-অফিচৰ শুভাৰম্ভ কৰে।

Apply Now

জিলাস্তৰত গ্ৰহণ কৰা এই পদক্ষেপ অসমৰ ভিতৰতে প্ৰথম।

এই সন্দৰ্ভত উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। সভাত মাণ্ডলীক আয়ুক্ত গৰাকীয়ে জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লোৱাৰ লগতে এই পদক্ষেপৰ দ্বাৰা লাভ কৰিব পৰা সুবিধা সমূহৰ বিষয়ে আলোচনা কৰে।

উপায়ুক্ত কাৰ্যালয়ৰ পিছত জিলাখনৰ আৰু চাৰিটা কাৰ্যালয় ক্ৰমে, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, পৰিবহণ বিষয়াৰ কাৰ্যালয়, জিলা কৃষি বিভাগ আৰু জিলা পৰিষদত এই ব্যৱস্থা সন্নিবিষ্ট কৰা হ’ব বুলিও তেওঁ সদৰি কৰে।

সভাত উপস্থিত থাকি উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে ই-অফিচৰ সুবিধা সমূহ উল্লেখ কৰি কয় যে এই পদ্ধতিত ফাইলৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কোনো ব্যয় বহন কৰিব নালাগে। লগতে এই মাধ্যমৰ ক্ষেত্ৰত ফাইল সংৰক্ষণ কৰাৰ বাবে অতিৰিক্ত ঠাইৰ বাবে চিন্তা কৰাৰো প্ৰয়োজনীয়তা নাই বুলিও তেওঁ কয়।

উল্লেখ্য যে ই-অফিচ সফল ভাৱে ৰূপায়ণ কৰাৰ বাবে সকলো সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীৰ প্ৰয়োজনীয় কাৰিকৰী জ্ঞান, উদ্যম আৰু নিষ্ঠাৰ প্ৰয়োজন বুলি উপায়ুক্ত গৰাকীয়ে মন্তব্য কৰে।

ই-অফিচৰ সফল ৰূপায়ণৰ দ্বাৰা তেওঁ সকলোকে উপায়ুক্ত কাৰ্যালয়ক জিলাৰ ভিতৰতেই নহয়, ৰাজ্যৰ ভিতৰত অনুকৰণীয় উদাহৰণ ৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে আহ্বান জনায়।

এই ক্ষেত্ৰত তেওঁ সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

সভাত তেওঁ উপস্থিত সকলোকে ই-অফিচ ব্যৱস্থাত কাম-কাজ কেনেকৈ সম্পন্ন কৰা হয় সেই বিষয়ে বিস্তৃতভাৱে বুজাই দিয়ে।

উল্লেখযোগ্য যে ই-অফিচ পদ্ধতি ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰ (National Informatics Centre) -ৰ দ্বাৰা উন্নীত আৰু পৰিকল্পনা কৰা হৈছে।

আজিৰ সভাত আৰক্ষী অধীক্ষক অমিতাভ সিনহা, জিলা উন্নয়ন আয়ুক্ত জোনমণি সোণোৱাল, অতিৰিক্ত উপায়ুক্ত দ্বয় বিদিত দাস আৰু দিলীপ তেৰাং, ই-অফিচৰ প্ৰকল্প প্ৰবন্ধক শ্বৰীক খান, NIC -ৰ জিলা তথ্য বিজ্ঞান বিষয়া কামৰুজ জামান, সহকাৰী আয়ুক্ত দ্বয় গৌৰীপ্ৰিয়া দেউৰী আৰু মনালি ৰজকৰ উপৰি উপায়ুক্ত কাৰ্যালয়ৰ ভালেসংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd