NORTHEAST NOW (Assamese)

শিৱসাগৰত গান্ধী জয়ন্তী উদযাপন

October 2, 2020 9:26 pm · পাৰ্শ্বজ্যোতি গগৈ

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি উদযাপিত হৈ অহা গান্ধী জয়ন্তী উপলক্ষে আজি শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদিত দাসে উপায়ুক্ত কাৰ্য্যালয়ৰ কাষত থকা জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জলি অৰ্পণ কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷

লগতে তেওঁ দেশৰ স্বাধীনতা যুঁজত মহাত্মা গান্ধীৰ অনবদ্য বৰঙণিকো শ্ৰদ্ধাৰে স্মৰণ কৰে৷

গান্ধী জয়ন্তী উপলক্ষে এখনি সৰ্ব-ধৰ্ম প্ৰাৰ্থনা সভাও অনুষ্ঠিত হয়। এই অনুষ্ঠানত জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া টি জে ৰবাৰ্টো উপস্থিত থাকে।

পিছত শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি জিলাখনৰ চাফাই কৰ্মচাৰীসকলৰ এক সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হয়৷

ক’ভিড-১৯ পৰিস্থিতিৰ মাজতো ক’ভিড কেয়াৰ চেণ্টাৰত অবিৰত গতিত সেৱা আগবঢ়াই অহা চাফাই কৰ্মচাৰীসকলক তেওঁলোকৰ সেৱাৰ স্বীকৃতিস্বৰূপে আজি সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদিত দাসে চাফাই কৰ্মীসকলে ক’ভিড প্ৰতিৰোধী যুঁজত সন্মুখৰ পৰা যি উৎসৰ্গিত মনোভাৱৰে যুঁজ আগবঢ়াই আহিছে, তাৰ বাবে তেওঁলোকক ধন্যবাদ জনায়৷

অনুষ্ঠানত যুটীয়া স্বাস্থ্য সঞ্চালক স্যমন্ত মাধৱ শৰ্মা আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ৰাজীৱ বৰুৱাও উপস্থিত থাকে।

Related News