• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২১ ৰ নিৰ্বাচন; AJP আৰু ৰাইজৰ দল লগ লাগিলে কঁপনি তুলিব নেকি বিজেপিৰ দুৰ্গত?

আঞ্চলিকতাবাদী শক্তি একত্ৰিত হ’লেও উপকৃত হ’ব নেকি বিজেপি?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 2, 2020 8:08 pm
assam bjp
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ ৰ নিৰ্বাচন সমাগত। ইয়াক লৈ সচেতন মহলত বিভিন্ন জল্পনা-কল্পনা তথা চৰ্চা চলা ইতিমধ্যে আৰম্ভ হৈছে।

২১ ৰ নিৰ্বাচনৰ প্ৰতিচ্ছবিখন বৰ্তমানো ধুৱলি-কুঁৱলী হৈ আছে। স্পষ্টকৈ ক’ব পৰা নাযায় যে কোনে মাৰিব শেষ হাঁহি?

Apply Now

তাৰ মাজতে চলিছে অন্য এক চৰ্চা। ৰাষ্ট্ৰীয়তাবাদী শক্তি বিশেষকৈ বিজেপিক উৎখাত কৰিবলৈ মতাদৰ্শ বেলেগ হ’লেও নতুনকৈ গঠন হ’ল দুটাকৈ আঞ্চলিক ৰাজনৈতিক দল।

বৰ্তমানো দুয়ো ৰাজনৈতিক দল একত্ৰিত হোৱাৰ বাবে যো-জা চলোৱা নাই যদিও ইতিমধ্যে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত তথা ৭০ সংগঠনৰ উদ্যোগত গঠিত হোৱা ‘ৰাইজৰ দল’ৰ নেতৃত্বই ইতিমধ্যে স্পষ্ট কৰি দিছে যে আছু আৰু এজেৱাইচিপিৰ ঔৰসত ভুমিষ্ঠ হোৱা অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা বা আসন বুজা-বুজিৰ বাবে প্ৰস্তুত। ইয়াৰ বাবে অসম জাতীয় পৰিষদে বিচাৰিলে আলোচনাত মিলিত হ’বলৈও প্ৰস্তুত।

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ সৈতে হোবা  আছুতীয়া সাক্ষাৎকাৰত ‘ৰাইজৰ দল’ৰ মুখ্য আহ্বায়ক ৰুবুল দাসে কয় ‘২০২১ ত ৰাইজৰ দলে বিজেপিক প্ৰতিহত কৰিবলৈ সক্ষম হ’ব। আমি আহ্বান জনাওঁ অসম জাতীয় পৰিষদো আমাৰ লগত আহিব। আঞ্চলিকতাবাদী প্ৰগতিশীল ৰাজনৈতিক ধাৰা বৰ্তাই ৰখাৰ স্বাৰ্থত আমি ঐক্যবদ্ধ হৈ ২০২১ ত বিজেপিক উৎখাত কৰিবলৈ সক্ষম হ’ম।‘

ইপিনে, আন এক চৰ্চা চলিছে যে যদি এই দুই নতুন আঞ্চলিক শক্তি বা অন্য ৰাজনৈতিক শক্তি একত্ৰিত নহ’লে জনসাধাৰণৰ মাজত ভোট বিভাজন হৈ বিজেপি আৰু মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ ২১ ত চৰকাৰ গঠন কৰিব।

এই সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল বীৰ লাচিত সেনাৰ নেতা তথা ‘ৰাইজৰ দল’ৰ আহ্বায়ক শৃংখল চলিহাক।

চলিহাই কয় ‘আমাৰ আৰু AJP ৰ মাজত সুস্থ আলোচনা হৈ আছে। আমাৰ মাজত আসন বুজা-বুজি হ’ব। অনাগত দিনত আমি একেলগ হ’ম।‘

এইখিনিতে স্বাভাৱিকতে ক’ব পাৰি যে প্ৰাৰ্থী যদি সবল হয় বা দুয়ো নতুন দল একত্ৰিত হৈ আসন বুজা-বুজি কৰে তেন্তে বিজেপিৰ সবল দুৰ্গত কঁপনি নিশ্চয়কৈ উঠিব।

ইপিনে, এই চৰ্চা চলি থকাৰ সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যই আচম্বিত কৰি তুলিছে সকলোকে।

তেওঁ সকলো আঞ্চলিক ৰাজনৈতিক দলক একত্ৰিত হ’বলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে তেওঁৰ বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হ’লেও বিজেপিৰ ক্ষতি নহয়।

সংবাদ মাধ্যমৰ আগত হিমন্তই কয় ‘মই বিচাৰো সকলো আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হওঁক। নহ’লে নিৰ্বাচনৰ সভাত ইমান যদি নাম লৈ থাকো তেন্তে ক’ৰবাত নহয় ক’ৰবাত কোনো  দলৰ নাম ভুল হৈ যাব পাৰে। যিহেতু হাৰিবলগীয়া সকলোতে আছে ,গতিকে গোটেইকেইটা ৰাজনৈতিক দল একত্ৰিত হ’লে বিজেপিৰ বাবে সুবিধা হ’ব।‘

‘মই আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হ’লেও ৭০০-১৫০০ ভোট পাব বুলি আশা ৰাখিছো। কিন্তু ভাগ ভাগ হৈ থাকিলে এই ভোটৰ সংখ্যা ২০-২৫ লৈ আহি যাব।‘ ইতিকিং সূচকভাৱে এইদৰে কয় মন্ত্ৰী হিমন্তই।

ইপিনে, বৰ্তমানলৈকে চৰ্চিত লুৰীণজ্যোতি গগৈ, জগদীশ ভুঞা, পলাশ চাংমাই, দীপাংক নাথ, অখিল গগৈ, শৃংখল চলিহা, ৰুবুল দাস আৰু লুহিত গগৈ, ধৈয্য কোঁৱৰ, চাহজাহান আলীৰ মুখকেইখনৰ বাদে অন্য চিনাকি মুখ তেনেকৈ নাই। এই ক্ষেত্ৰত ১২৬ টা সমষ্টিত আসন বুজা-বুজি হ’লেও বিজেপি বা কংগ্ৰেছ, অগপৰ চিটিং বিধায়কক পৰাভুত কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। যিহেতু শাসকীয় বিজেপিয়ে নিজৰ সমষ্টি দখলৰ চেষ্টাত ইতিমধ্যে যুদ্ধক্ষেত্ৰত নামি পৰিছে।

আনহাতে, অন্য এক চৰ্চাও নচলা নহয়। কিছু কিছু ঠাইত জাতীয় সংগঠনসমূহৰ স্থিতি বা ভেটি মজবুত। জাতীয় সংগঠনৰ লগত বিশেষকৈ যুৱ ভোটাৰসকলো জৰিত হৈ থাকে। গতিকে জাতীয়তাবাদী ভাবধাৰাৰ সংগঠনৰ যুৱ ভোটাৰসকলে নতুন আঞ্চলিক ৰাজনৈতিক দলৰ সন্মিলিত প্ৰাৰ্থীক জয়ী কৰোৱাত কি ভূমিকা লয় তাৰ ওপৰতো যথেষ্টখিনি নিৰ্ভৰ কৰিব।

মুঠৰ ওপৰত চৰ্চাত এক নিমিলা অংকৰ সৃষ্টি হৈছে। তাৰ মাজতে সকলো ৰাজনৈতিক দলে নিজৰ প্ৰাৰ্থীক জয়ী কৰাই ২১ ত গাদী দখলৰ কুছকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে। গতিকে ২১ ৰ দিছপুৰ দখলৰ নিৰ্বাচনী যুঁজখন নিশ্চয়কৈ আকৰ্ষণীয় হৈ উঠিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd