NORTHEAST NOW (Assamese)

অবৈধ সুৰাৰ বিৰুদ্ধে শিৱসাগৰ জিলাত আবকাৰী বিভাগৰ অভিযান

February 23, 2019 10:36 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি আজি শিৱসাগৰ জিলাৰ নাজিৰাৰ আবকাৰী পৰিদৰ্শক আশুতোশ বৰুৱাৰ নেতৃত্বত জিলাখনৰ চণ্টক, বিহুবৰ, আঠপুৰিয়া, লক্ষ্মীজান চাহ বাগিচাত অভিযান চলোৱা হয়।

উক্ত অভিযানত দলটোৱে বৃহৎ পৰিমাণৰ অবৈধ সুৰা আৰু সুৰা নিৰ্মাণৰ সামগ্ৰী জব্দ কৰাৰ লগতে সেইস্থানতে জব্দ কৰা সুৰাসমূহ ধ্বংস কৰে।

এই সম্পৰ্কত অসম আবকাৰী আইন ২০১৮ৰ ৫৩ (১) এ, ডি আৰু ৫৩ (২) চি ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে বুলি আবকাৰী বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে।

পুৱাৰ ভাগত বিহুবৰ আৰক্ষী থানা আৰু সেনা বাহিনীৰ সৈতে লগ লাগি অভিযান চলোৱাৰ বিপৰীতে আবেলি গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত লক্ষ্মীজান চাহ বাগিচাত অভিযান চলোৱা হয়।

Related News