• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুৰা-ট্ৰেজেডি : সাতজনক জে’ললৈ প্ৰেৰণ; দোষীৰ শাস্তিৰ দাবীত উত্তপ্ত গোলাঘাট নগৰৰ ৰাজপথ

by
February 23, 2019 10:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিষাক্ত সুৰাপানৰ শোকাৱহ ঘটনা সংক্ৰান্তত গোলাঘাট আৰক্ষীয়ে শুকুৰবাৰে অৰ্থাৎ ২২ ফেব্ৰুৱাৰিত গোলাঘাট চহৰৰ ষ্টেশ্যন ৰোডৰ ইন্দুকল্প বৰদলৈ আৰু দেৱ বৰা নামৰ দুজন ব্যৱসায়িক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰাৰ পিছত আজি পুনৰ পাঁচজন ব্যৱসায়িক গ্ৰেপ্তাৰ কৰে।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি গোলাঘাট আৰক্ষী নগৰ সহ উপ পৰিদৰ্শক তাপেশ্বৰ দাসৰ এজাহাৰৰ আধাৰত গোলাঘাট আৰীক্ষয়ে ২২৩/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৩২৮/৩০৪(এ) ধাৰাত ৰুজু কৰা এক গোচৰৰ ভিত্তিত উক্ত ব্যক্তি কেইজনক গ্ৰেপ্তাৰ কৰিছে।

Apply Now

গ্ৰেপ্তাৰ কৰা লোক কেইজন হ’ল-ক্ৰমে যোগীবাৰীৰ  প্ৰবীণ ফুকন, চেলেঙীৰ ৰাজীৱ ফুকন, ছপাগুৰিৰ সুভাষ পাটৰ, বেটীয়নী চাহ বাগিচাৰ ভাইটি পাটৰ আৰু শালমৰাৰ বালি মিঞ্চ। ইয়াৰ উপৰি কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে  গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি আজি গোলাঘাটৰ ৰাজপথ উত্তাল হৈ পৰে। মদমুক্ত অসম দাবী সমিতি নামৰ সংগঠনটোৱে আজি দুপৰীয়া জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীৰ পিছতে সংগঠনৰ সভাপতি প্ৰবীণ দাস আৰু সম্পাদক পুলকৰঞ্জন গগৈয়ে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

একেদৰে আটছাৰ গোলাঘাট জিলা সমিতিৰ নেতৃত্বত অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখা, আদিবাসী ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে যৌথভাৱে উক্ত স্থানতে আন এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। পাছত আটছাৰ জিলা সভাপতি জগদীশ বৰাইক আৰু সহকাৰী সম্পাদক পিয়ল বাগে জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰি মৃতকৰ পৰিয়ালক পাঁচ লাখ টকাৰ ক্ষতিপূৰণকে ধৰি বিভিন্ন দাবী উত্থাপন কৰে।
আজি দুপৰীয়া গোলাঘাট নগৰৰ ত্ৰিমূৰ্তি ক্ষেত্ৰৰ সন্মুখত গোলাঘাট জিলা কংগ্ৰেছয়ো এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি তথা বিধায়ক অজন্তা নেওগৰ নেতৃত্বত অনুষ্ঠিত উক্ত সভাত ঘটনাৰ বুজ ল’বলৈ জিলাখনলৈ অহা কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ৰকিবুল হুছেইন, ৰূপজ্যোতি কুর্মী,ৰাজু শাহু আদি উপস্থিত থাকে। তেওঁলোকে সমগ্ৰ ঘটনাৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে বিজেপি চৰকাৰৰ চৰম বিফলতাৰ বাবে এনেধৰণৰ শোকাৱহ পৰিস্থিতি উদ্ভৱ হোৱা বুলি তীব্ৰ সমালোচনা কৰে।
দুৰ্নীতি নিবাৰক প্রকৃতি সুৰক্ষা সমিতিৰ তিনিজনৰ বিৰুদ্ধে গোচৰ :
আজি সদৌ অসম দুৰ্নীতি নিবাৰক প্রকৃতি সুৰক্ষা সমিতিৰ ৰাজ্যিক সভাপতি নিতুল শইকীয়াই গোলাঘাট জিলাত লালিগুৰৰ ব্যৱসায় কৰি অহা তিনি ব্যবসায়ীৰ বিৰুদ্ধে গোলাঘাট থানাত এক গোচৰ ৰুজু কৰে।
উক্ত ব্যৱসায়ী কেইজন হ’ল মেৰাপানীৰ সুনীল গুপ্তা, দেৰগাঁৱৰ লালচন্দ আগৰৱালা আৰু সুভাষ শাহু। ইয়াৰ উপৰি অবৈধ সুৰা বন্ধৰ ক্ষেত্ৰত গাফিলতি কৰা আবকাৰী আৰু যোগান বিভাগৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰি শাস্তি গ্ৰহণৰ দাবী জনাইছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd