NORTHEAST NOW (Assamese)

শিৱসাগৰৰ বেতবাৰী বালিবাট চাৰিআলিত বিধ্বংসী অগ্নিকাণ্ড; এজনৰ মৃত্যু

November 14, 2020 8:34 pm · পাৰ্শ্বজ্যোতি গগৈ
দেৱালীৰ দিনাই শিৱসাগৰৰ বেতবাৰীত সংঘটিত হৈছে এক বিধ্বংসী আগ্নিকাণ্ড।জুইত জাহ গল এখন গেলামালৰ দোকান। বেতবাৰী বালিবাট চাৰিআলিত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনাটো।
অগ্নিকাণ্ডত এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত এজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
মৃত লোকজনৰ নাম প্ৰাণদ্বীপ গগৈ বুলি জানিব পৰা গৈছে।
আহত লোকজনৰ নাম ধ্ৰুৱজ্যোতি গগৈ। দুয়োজন গেলামাল দোকানখনৰ কৰ্মচাৰী আছিল।
সন্ধিয়া দেৱালীৰ চাকি জ্বলোৱা সময়ত সংঘটিত হয় অগ্নিকাণ্ডৰ সুত্ৰপাত হয় বুলি  দোকানখনৰ স্বত্বাধীকাৰী জনে জানিবলৈ দিয়ে।
দুয়োজন কৰ্মচাৰীয়ে দোকানৰ ভিতৰত চাকি জ্বলোৱা অৱস্থাত সংঘটিত হয় দূৰ্ঘটনাটো।

Related News