DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৱশেষত সফল হ’ল শিৱসাগৰ আৰক্ষী; নামঘৰৰ চুৰিৰ লগত জড়িত চোৰক গ্ৰেপ্তাৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 29, 2019 7:35 am
IMG-20190828-WA0044

ফটো : নৰ্থ-ইষ্ট নাও

3k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ পোন্ধৰটাৰো অধিক নামঘৰত চুৰি কাৰ্য কৰি শিৱসাগৰৰ আৰক্ষীৰ নিদ্ৰাহৰণ কৰা গভাইট চোৰ ৰিজু বুঢ়াগোহাঁইক আজি শিৱসাগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

এই গভাইট চোৰটোৰ ঘৰ গৌৰিসাগৰৰ সমীপৰ ন-কটানী গাঁৱত। আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি গৌৰিসাগৰ তিনি আলিত গ্ৰেপ্তাৰ কৰে ৰিজু বুঢ়াগোহাঁইক।

আৰক্ষীৰ জেৰাত ৰিজুৱে শিৱসাগৰৰ বিভিন্ন নামঘৰত চুৰি কাৰ্য সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে। ৰিজুৱে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে কোঁৱৰপুৰৰ কাঢ়িগাঁৱৰ এগৰাকীৰ মহিলাৰ ঘৰত চুৰি সামগ্ৰী সমূহ জমা কৰি ৰাখিছিল আৰু মহিলা গৰাকীয়ে সামগ্ৰী সমূহ বিক্ৰী কৰি চোৰ ৰিজুক তেওঁৰ অংশ প্ৰদান কৰিছিল।

উল্লেখ্য যে যোৱা এটা পষেকত এই গভাইট চোৰটোৱে মেটেকাৰ দুটা নামঘৰৰ লগতে শংকৰমন্দিৰ ৰোডৰ নামঘৰ, ফুকন নগৰ নামঘৰ, কোঁৱৰপুৰ, নকটানী অঞ্চলৰ প্ৰায় ১৫ টা নামঘৰত চুৰি কাৰ্য সংঘটিত কৰিছিল।

আৰক্ষীয়ে চুৰি সামগ্ৰী যেনে কাঁহী, বাতি, ভোৰতাল, চিলাই মেচিন আদি সামগ্ৰী মহিলাগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰাৰ লগতে উদ্ধাৰ কৰা সামগ্ৰী সমূহ বহু কেইটা নামঘৰৰ মানুহ আহি তেওঁলোকৰ নিজা নামঘৰৰ সামগ্ৰী সমূহ চিনাক্ত কৰে।

উল্লেখ্য যে ধৃত চোৰ ৰিজুৱে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ নামঘৰত চুৰি কৰাৰ পাছত দানপাত্ৰ ভাঙি টকা লৈ যোৱাৰ লগতে নামঘৰৰ থাপনাও লুটিয়াই থৈ যায়।

শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰী আৰু শিৱসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিত লহকৰে বুধবাৰে ৰাতি এখন সংবাদমেল সম্বোধন কৰি এই সকলোবোৰ কথা জানিবলৈ দিয়ে।

ইফালে দোষী ব্যক্তিক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে শিৱসাগৰবাসী ৰাইজে।

Recent News

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd