শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ হুংকাৰ

IMG-20190430-WA0000

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

বিগত সময়ত অসম চৰকাৰৰ ওচৰত অনুসূচীত জাতিৰ বিভিন্ন দাবী সমাধানৰ বাবে অৱস্থান ধৰ্মঘট ,স্মাৰক পত্ৰ প্ৰদানৰ লগতে বিভিন্ন আন্দোলন কাৰ্য্যসূচী ৰূপায়ন কৰা স্বত্বেও অসম চৰকাৰে সংগঠনটোৰ এই দাবী সমুহক তিলমানেও গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। যাৰ ফলত  সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকল ক্ষোভিত হৈ পৰিছে।

অনুসূচীত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলাৰ সভাপতি পৰশজ্যোতি দাস আৰু সাধাৰণ সম্পাদক মৃদুল দাসে সাংবাদিকলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কয় যে,  অসমৰ অনুসূচিত জাতিৰ প্ৰায় অধিকাংশ লোক মৎস্য ব্যৱসায়ত জড়িত। এই মৎস্য ব্যৱসায়ী সকলৰ ৯৮% লোকৰেই অন্য কোনো উপাৰ্জনৰ পথ নাই।

আনহাতে, প্ৰতি বছৰে এপ্ৰিল মাহৰ পৰা জুলাই মাহ পৰ্য্যন্ত অসমত মাছ মৰা কাৰ্য্যত নিষেধাজ্ঞা  আৰোপ কৰা হয়।যাৰফলত এই সময়খিনিত মাছমৰীয়া অৰ্থাৎ মৎস্যজিৱী লোকসকলৰ অৱস্থা পানীত হাহঁ নচৰা হয়।

সন্থাই বাৰে বাৰে চৰকাৰক দাবী জনাই আহিছে যে, মৎস্য ব্যৱসায়ী সকলক উক্ত সময়খিনিত চৰকাৰে এককালীন সাহাৰ্য্য দিয়াৰ ব্যৱস্থা কৰিব লাগে। কিন্তু চৰকাৰে আজিকোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

তাৰোপৰি, অনুসূচিত জাতিৰ অন্যতম উপজাতি “জালৌ মালৌ” সকলক অসমৰ অন্য জিলাসমূহত অনুসূচিত জাতিৰ জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰে। কিন্তু শিৱসাগৰ জিলাত এই ক্ষেত্ৰত জিলাখনৰ জালৌ মালৌ সকলক ভিত্তিহীনভাৱে  বঞ্চিত কৰি থকা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰতো সন্থাই বিগত সময়খিনিত কেইবালানি আন্দোলনৰ কাৰ্য্যসূচী হাতত লৈছিল যদিও আজিকোপতি শিৱসাগৰ জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰিলে।

তদুপৰি, জিলাখনত থকা ভূমিহীন সকলৰ কথা সন্থাই বাৰম্বাৰ অবগত কৰি থকাৰ পাছতো তেওঁলোকক ভূমি পট্টা দিয়াৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ কাৰ্য্যপন্থা হাতত লোৱা পৰিলক্ষিত নহ’ল।  অনুসূচিত জাতিৰ অধিকাৰভুক্ত নদ নদী, বিল জলাশয় আদিবোৰ আজিকোপতি অনা অনুসূচিত জাতিৰ লোকসকলৰ পৰা  অনুসূচিত জাতিৰ লোকসকললৈ হস্তান্তৰ কৰা পৰিলক্ষিত নহ’ল।

প্ৰেছ বিজ্ঞপ্তিত সন্থাই  বিভিন্ন সমস্যাৰে জৰ্জৰিত অনুসূচিত জাতিটোৰ উন্নয়নৰ  স্বাৰ্থত চৰকাৰে আজিকপতি কোনো ধৰণৰ যোগাত্মক সিদ্ধান্ত গ্ৰহণ নকৰাৰ কথা উল্লেখ কৰে। কোনো এখন চৰকাৰে আজিকোপতি অনুসূচিত জাতি ৰাইজৰ বৃহত্তৰ উন্নয়নৰ স্বাৰ্থত কোনো ধৰণৰ  বাজেটত কোনো ধৰণৰ উন্নয়নমূলক আচঁনি গ্ৰহণ নকৰিলে। বৰঞ্চ অনুসূচিত সাংবিধানিক ৰক্ষা কৱচ সংৰক্ষণ আইন খনৰ পৰা  ষড়যান্ত্ৰ কৰি অনুসূচিত জাতিটোক বঞ্চিত কৰিব খোজা বুলি অভিহিত কৰে।

সন্থাই চৰকাৰক সকীয়াই দিয়ে যে অনুসূচিত জাতিৰ বিৰুদ্ধে ৰচনা কৰা যিকোনো ষড়যন্ত্ৰ ওফৰাই পেলাবলৈ সন্থাই সকলো দিশৰে পৰা সস্তম হৈ আছে। প্ৰয়োজনত চৰম পন্থা অবলম্বন কৰিবলৈকো সন্থাই কুন্ঠাবোধ নকৰে বুলি স্পষ্ট কৰি দিয়ে। চৰকাৰৰ স্বৈৰাতন্ত্ৰক সন্থাই কেতিয়াও সহজভাবে নলয় বুলিও সকীয়াই দিয়ে।

বিবৃতিটোত  সন্থাৰ সভাপতি পৰশ জ্যোতি দাসে কয় যে “ৰাজ্যত আৰ্তজনৰ বিপদত দায়িত্ব পালন কৰিব নোৱাৰা চৰকাৰৰ কোনো প্ৰমূল্যবোধ নাই অথবা প্ৰয়োজনীয়তা নাই। সকলো ক্ৰিয়াৰে বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। চৰকাৰে আমাক অমান্য কৰিছে, গতিকে আমি চৰকাৰক অমান্য কৰিম” বুলি মন্তব্য কৰে। আনহাতে সম্পাদক  মৃদুল দাসে কয় যে, “আমাৰ ধৈৰ্য্যই চৰম পৰ্যায় অতিক্ৰম কৰিলে, আচিৰেই ধাৰাবাহিক তথা জংগী আন্দোলনৰে মোকাবিলা কৰিব লাগিব চৰকাৰে।”