একাধিক নিয়ম উলংঘাৰ অভিযোগ; আদানীৰ ৬ টা সংস্থালৈ কাৰণ দৰ্শোৱাৰ জাননী SEBIৰ

আদানী গ্ৰুপৰ বাবে ডাঙৰ আঘাত। ছেবিয়ে (ছিকিউৰিটি এণ্ড এক্সেঞ্জ বোৰ্ড অফ ইণ্ডিয়া) একাধিক অভিযোগৰ সন্দৰ্ভত আদানীৰ ৬টা সংস্থালৈ জাননী প্ৰেৰণ কৰিছে। লেনদেনত অস্পষ্টতাৰ পৰা আৰম্ভ কৰি ছেবিৰ নীতি-নিয়ম উলংঘালৈকে সেই সংস্থাসমূহৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।

বৃহস্পতিবাৰে আদানী এণ্টাৰপ্ৰাইজে দুখন কাৰণ দৰ্শোৱাৰ জাননী লাভ কৰা বুলি জনায়। এই জাননী চলিত বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ ভিত্তিত প্ৰেৰণ কৰা হৈছে।

নিউয়ৰ্কৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চে যোৱা বছৰৰ ২৪ জানুৱাৰীত আদানী গ্ৰুপৰ ওপৰত এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। ১০০ পৃষ্ঠাৰ এই প্ৰতিবেদনে দেশৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি কৰে। কেৱল সেয়াই নহয়, পতনো আৰম্ভ হ’ল! ঔদ্যোগিক গোটটোৱে শ্বেয়াৰ বজাৰত ডাঙৰ আঘাত পায়।

লগতে পঢ়কঃ ক’ভিশ্বিল্ডৰ বিতৰ্কৰ মাজতে ভাৰত বায়’টেকে দিলে বিবৃতি; ক’ভাক্সিনৰ পাৰ্শ্বক্ৰিয়া সম্পৰ্কত কি ক’লে?

এই সন্দৰ্ভত কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে সৰৱ হৈ পৰিছিল। এই প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মৌনতা অৱলম্বন কৰাৰ বাবে ৰাজনৈতিক দলসমূহে কটাক্ষ কৰিছিল। অৱশ্যে এই সমগ্ৰ বিষয়টো ভাৰতৰ বিৰুদ্ধে আন্তৰ্জাতিক ষড়যন্ত্ৰ বুলি দাবী কৰিছে গেৰুৱা শিবিৰে। একে সুৰ আদানীৰ কণ্ঠতো শুনা যায়।

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পিছত ছেবিয়ে আদানী গোটটোৰ ওপৰত কৃত্ৰিমভাৱে শ্বেয়াৰৰ মূল্য বৃদ্ধি আৰু অবৈধ লেনদেনৰ অভিযোগত তদন্ত আৰম্ভ কৰে। এইবাৰ সেই প্ৰসংগতে ছেবিয়ে ভাৰতীয় কোটিপতি সংস্থাটোলৈ জাননী প্ৰেৰণ কৰিছে।

লগতে পঢ়কঃ আমেথি নহয়, মাতৃ ছোনিয়াৰ সমষ্টি ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুলে; আজি দাখিল কৰিব মনোনয়ন

আদানী এণ্টাৰপ্ৰাইজৰ তথ্য অনুসৰি তিনি ধৰণৰ অভিযোগৰ ভিত্তিত তেওঁলোকৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। অবৈধ ব্যৱসায়, কৃত্ৰিমভাৱে শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰাৰ উপৰিও ছটা কোম্পানীয়ে ছেবিৰ নীতি-নিয়ম উলংঘা কৰিছে। সেই অভিযোগক লৈ তেওঁলোকক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে।