কাজিৰঙাৰ বিশেষ গঁড় সুৰক্ষা বাহিনীৰ জোৱানক গুলীওৱা ৬ জন লোকক গ্ৰেপ্তাৰ
ফটো : নৰ্থ-ইষ্ট নাও
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পানপুৰ সংৰক্ষিত বনাঞ্চলত ১১ এপ্ৰিলৰ নিশা বনকৰ্মীলৈ গুলী চলোৱা ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে।
গ্ৰেপ্তাৰ কৰা লোক কেইজন হ’ল মেঘা চাহানী, গোপাল চাহানী, গোপাল মালৌ দাস, ৰাতুল মালৌ দাস, শংকৰ চাহানী আৰু অখিল মালৌ দাস।
ধৃত লোক কেইজন পানপুৰৰ গোপচাৰ গাঁৱৰ বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে ১১ এপ্ৰিলৰ নিশা এই দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পানপুৰ সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰি বনকৰ্মীলৈ বুলি গুলি চলাইছিল।
ফলত প্ৰাঞ্জল বৰচামুৱা নামৰ বিশেষ গঁড় সুৰক্ষা বাহিনীৰ এজন জোৱানৰ ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হৈছিল।
ঘটনাৰ পাছত আৰক্ষী আৰু বন বিভাগৰ যুটীয়া অভিযানত উল্লেখিত লোক কেইজনক গ্ৰেপ্তাৰ কৰি জামুগুৰি আৰক্ষী থানাত এটা গোচৰ ৰজু কৰা হৈছে।