• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দক্ষিণ কামৰূপত তবলিগী জামাতীক আত্মগোপনত সহায় কৰা চাৰিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

অগ্ৰদূত আৰু পালিমঙ্গল মছজিদ পৰিচালনা সমিতিৰ চাৰিজনক গ্ৰেপ্তাৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 13, 2020 7:11 pm

1 min read

d828c519-bea2-4d69-b97a-4f478ba4cf3b

প্ৰতিনিধিত্বমূলক ফ'টো

1k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে তবলিগী জামাতীক মছজিদত আত্মগোপনত সহায় কৰা অভিযোগত দক্ষিণ কামৰূপৰ মছজিদ পৰিচালনা সমিতিৰ চাৰিজন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। আজি দুপৰীয়া ছয়গাঁও আৰু বকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তকেইজনক।

ছয়গাঁও আৰক্ষীয়ে জোৰ শিমলুৰ অগ্ৰদূত মছজিদৰ সভাপতি সম্পাদকক গ্ৰেপ্তাৰ কৰিছে এই অভিযোগত। আৰক্ষীয়ে মছজিদটোৰ সভাপতি চাহেব আলি আৰু সাধাৰণ সম্পাদক মইনুল হকক গ্ৰেপ্তাৰ কৰিছে।

ইফালে সোণতলি পালিমঙ্গল মছজিদৰ পৰিচালনা সমিতিৰ দুই সদস্যকো গ্ৰেপ্তাৰ কৰিছে বকো আৰক্ষীয়ে। সদস্য মোকদাম আলি আহমেদ আৰু ছফিউৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

তেওঁলোকৰ বিৰুদ্ধে ১২ জন তবলিগী জামাতীক লুকুৱাই ৰখাৰ অভিযোগ উত্থাপিত হৈছে।

উত্তৰ প্ৰদেশৰ মীৰাটৰ মুঠ ১২ গৰাকী তবলিগী জামাতীয়ে আহি আত্মগোপন কৰি আছিল মছজিদ দুটাত। জামাতী কেইজনে এমাহতকৈ অধিক সময় আত্মগোপন কৰি আছিল বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে কালি ১২ জন তবলিগী জামাতীক আটক কৰি হাজো কলিতাকুছি হাস্পতালত কোৱাৰেন্টাইন কৰি ৰাখিছে।

বৰ্তমান আৰক্ষীয়ে মছজিদ দুটাৰ পৰিচালনা সমিতিৰ চাৰিওজনকে গ্ৰেপ্তাৰ কৰি শোধা-পোছা অৱ্যাহত ৰাখিছে।

আৰক্ষীৰ অভিযোগ যে আৰক্ষীক মছজিদ পৰিচালনা কমিটিৰ বিষয়ববীয়াই তবলিগী জামাতীৰ তথ্য দিয়াত কোনোধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা নাছিল।

চাৰিওজন লোকৰ বিৰুদ্ধে বকো থানাত ৩৭২/২০ আৰু ছয়গাঁও আৰক্ষী থানাত ৩৬৮/২০ ত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

Tags: COVID-19

Recent News

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd