মুছেৱালাৰ হত্যাকাণ্ড: ৬জনক গ্ৰেপ্তাৰ পঞ্জাৱ আৰক্ষীৰ

মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

কংগ্ৰেছ নেতা তথা কণ্ঠশিল্পী সিধু মুছেৱালাৰ হত্যাকাণ্ডৰ এদিন পিছতে পঞ্জাৱ আৰক্ষীয়ে ডেৰাডুনত অভিযান চলাই ৬ জন লোকক আটক কৰিছে। কোৱা হৈছে যে এই হত্যাকাণ্ডৰ চক্ৰান্তত এজন যুৱক জড়িত আছিল।

দিল্লী আৰক্ষীৰ বিশেষ কোষে এই গোচৰত তিহাৰ কাৰাগাৰত বন্দী হৈ থকা কেইবাজনো গেংষ্টাৰক জেৰা কৰিছে। পঞ্জাৱ আৰক্ষীয়ে সন্দেহ কৰা মতে এই হত্যাকাণ্ডত গেংষ্টাৰ গোল্ডি ব্ৰাৰ আৰু লৰেন্স বিষ্ণোজৰিত থাকিব পাৰে।

ইফালে, পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানে এই ঘটনাৰ তদন্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷
মুছেৱালাৰ পিতৃয়ে পুত্ৰৰ হত্যাৰ তদন্তৰ দাবী জনাই এখন পত্ৰ লিখিছিল। তদন্তত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাকো সহায় কৰিবলৈ কোৱা হ’ব। উল্লেখযোগ্য যে যোৱা ২৯ মে’ত পঞ্জাৱৰ মানছা জিলাৰ মুছৱালাত অচিনাক্ত ব্যক্তিয়ে গুলীচালনা কৰি মুছেৱালাক হত্যা কৰিছিল। অজ্ঞাত আক্ৰমণকাৰীয়ে হঠাতে এ কে-৪৭ৰ পৰা প্ৰায় ৩০ ৰাউণ্ড গুলীচালনা কৰিছিল মুছেৱালাৰ ওপৰত।

ইফালে এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই। ড০ শইকীয়াই কয় যে ঘটনাৰ প্ৰকৃত মূল অভিযুক্ত বা অপৰাধী কোন সেয়া সময়ত ওলাব। কিন্তু এই ঘটনাৰ বাবে পঞ্জাৱৰ মুখ্যমন্ত্ৰীসহ গৃহ বিভাগো দোষী বুলি ড০ দিব্যজ্যোতি শইকীয়াই কয়। তেওঁ লগতে কয় যে কোনো বিচাৰ নকৰাকৈয়ে যধে মধে ব্যক্তিগত নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাৰ বাবেই এনে ঘটনা সংঘটিত হ’বলৈ পালে। পঞ্জাৱ চৰকাৰে মানৱ অধিকাৰ উলংঘন কৰা কার্য সংঘটিত কৰিছে বুলিও শইকীয়াই মন্তব্য কৰে।

এই ঘটনাৰ লগত সংগতি ৰাখি ড০ শইকীয়াই পুনৰ কয় যে অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগে তেওঁৰ নিৰ্দেশত যধে মধে নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰা কাৰ্য উদ্বেগজনক । উল্লেখযোগ্য যে অসমত হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰি আশ্চৰ্যজনকভাবে আন আন বিশেষ ব্যক্তিৰ লগতে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক কৰ্মীৰ পৰাও নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰিছে যিসকলে ড্ৰাগছ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছে।