ল’কডাউনৰ মাজত পাঠশালাত ৬জনক গ্ৰেপ্তাৰ, মদৰ ভাতী উৎখাত

ক’ৰ’না ভাইৰাছৰ বাবে চলি থকা ল’কডাউনৰ নিয়ম উলংঘা কৰাৰ অপৰাধত শনিবাৰে বজালীৰ পাঠশালাত আৰক্ষীয়ে ৬জন লোকক গ্ৰেপ্তাৰ কৰে।

উক্ত লোককেইজনে পাঠশালা নগৰত বিনা কাৰণত ঘূৰি ফুৰা বুলি পাঠশালা আৰক্ষীয়ে জনায়।

বজালীৰ মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাই জনোৱা মতে ল’কডাউনৰ চতুৰ্থ দিনা আৰক্ষী প্ৰশাসনে মহকুমাটোত আৰক্ষীৰ টহল বঢ়াই তোলাৰ লগতে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিছে।

ইয়াৰ উপৰি আইন ভংগকাৰীসকলৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলিও তেওঁ লগতে কয়।

যোৱা তিনিটা দিনত আৰক্ষীয়ে বজালীৰ বিভিন্ন স্থানত কেইেবাটাও মদৰ ভাতী উৎখাত কৰে।

আনহাতে বজালী আৰক্ষীৰ উদ্যোগত বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে থকা পাঠশালাৰ ‘তপোবন’ আশ্ৰয়গৃহৰ আৱাসীসকলৰ মাজত খাদ্য আৰু চেনিটাইজাৰ বিতৰণ কৰা হয়।

ৰাইজৰ বৃহত্তৰ মংগলৰ স্বাৰ্থত ল’কডাউনৰ দিনকেইটা ঘৰৰ পৰা ওলাই নাহিবলৈ মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাই সকলোৰে প্ৰতি আহ্বান জনায়।