গোৱালপাৰাত ভয়ংকৰ অগ্নিকাণ্ড; ৩ বছৰীয়া শিশুৰ মৃত্যু, ৬টা ঘৰ ভস্মীভূত

গোৱালপাৰা জিলাৰ পঞ্চৰত্ন নৈ আৰক্ষী থানাৰ অধীনৰ ৩নং ৰামহৰি চৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত এটি ৩ বছৰীয়া কন্যা শিশুয়ে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি লোৱাৰ লগতে আন ৩জন লোক আহত হয়।

আজি দিনৰ প্ৰায় ১১ বজাত সংঘটিত উক্ত অগ্নিকাণ্ডত মৃত্যুক সাবটি লোৱা শিশুটিক অঞ্চলটোৰ শানোৱাৰ হুছেইনৰ কন্যা শামিনা থাটুন বুলি চিনাক্ত কৰা হৈছে।

উক্ত অগ্নিকাণ্ডৰ ফলত শানোৱাৰ হুছেইনৰ বাসগৃহৰ উপৰি সমীপৰ আন ৬টা ঘৰ জুইত জাহ যায়।

‘অঞ্চলটো আমাৰ থানাৰ অধীনত নপৰে যদিও পঞ্চৰত্ন নৈ থানালৈ যথেষ্ট দূৰ হোৱাৰ বাবে মোৰ দলটোৱে পৰিয়ালটোক সহায় কৰিব পাৰিম বুলি ভাবিছিলো। কিন্তু আমি গৈ পোৱাৰ আগতেই সকলো জ্বলি শেষ হৈ গৈছিল।’ বগুৱান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ছফিকুল ইছলামে কয়।

খেৰৰ চালি থকা পাকঘৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা উল্লেখ কৰি তেওঁ লগতে কয় যে কিবা কৰিব পৰাৰ আগতেই বতাহ বলি থকাৰ বাবে আন ৬টা খেৰৰ ঘৰো সম্পূৰ্ণৰূপে ভস্মীভূত হয়।