NORTHEAST NOW (Assamese)

ছত্তীশগড়ত পুনৰ নিহত মাওবাদী : সেনা-আৰক্ষীৰ গুলীত ৬ মাওবাদী নিহত, উদ্ধাৰ হৈছে এ কে ৪৭কে ধৰি বিশাল পৰিমাণৰ অস্ত্ৰ

July 19, 2025 9:57 am · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

ছত্তীশগড়ৰ অৰণ্যত আৰক্ষী আৰু সেনাৰ যৌথ অভিযানত নিহত হৈছে ৬ গৰাকী মাওবাদী কেডাৰ।

শুকুৰবাৰে পুৱা নাৰায়ণপুৰ জিলাৰ গভীৰ অৰণ্যত সংঘটিত হয় এই ঘটনা।

ৰাজ্যখনৰ আৰক্ষীয়ে দাবী কৰে যে নিহত লোকসকল পিএলজিএ অৰ্থাৎ নিষিদ্ধ সংগঠন চিপিআই (মাওবাদী)ৰ পিপলছ লিবাৰেচন গেৰিলা আৰ্মিৰ সক্ৰিয় সদস্য।

আৰক্ষীৰ সূত্ৰ অনুসৰি চি আৰ পি এফ, জিলা ৰিজাৰ্ভ গাৰ্ড (ডি আৰ জি) আৰু ‘বাষ্টাৰ ফাইটাৰছ’ নামৰ বিশেষ ইউনিটে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি ফৰৱাৰ্ড অপাৰেটিং বেছ (এফ অ’ বি)ৰ পৰাই অভিযান আৰম্ভ কৰে।

অভিযানৰ সময়ত যৌথ বাহিনী অৰণ্যত প্ৰৱেশ কৰাৰ লগে লগে মাওবাদীয়ে যৌথ বাহিনীক গুলীচালনা কৰে। সেনা-আৰক্ষীৰ প্ৰতিশোধমূলক গুলীত নিহত হয় ৬ মাওবাদী।

ঘটনাস্থলীৰ পৰা এটা এ কে ৪৭ ৰাইফল, এটা এছ এল আৰ, বৃহৎ পৰিমাণৰ বিস্ফোৰক, ৱাকি-টকি, কেম্পিং সঁজুলি আৰু অন্যান্য বিধ্বংসী সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

ৰাজ্যৰ আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, “কিছুদিন পূৰ্বে এই অঞ্চলত নিৰাপত্তা বাহিনীৰ গুলীত মাওবাদী সংগঠনৰ শীৰ্ষ নেতা বাসৱৰাজৰ লগতে তেওঁৰ ২৭ জন সহযোগী নিহত হৈছিল। তেতিয়াৰ পৰা পুনৰ মাওবাদী কাৰ্যকলাপ বৃদ্ধি পাইছে। সেয়েহে নতুনকৈ অভিযান আৰম্ভ কৰা হৈছে।”তেওঁ লগতে কয়, “বনাঞ্চলৰ ভিতৰত এতিয়াও কেইবাটাও মাওবাদী শিবিৰ চিনাক্ত কৰা হৈছে। সমগ্ৰ অঞ্চলটো মাওবাদীমুক্ত নোহোৱালৈকে এই অভিযান অব্যাহত থাকিব।”

Related News