NORTHEAST NOW (Assamese)

এইবাৰ ভাৰতত কৰ’না আতংক! আগ্ৰাত ছয়টা নতুন সন্দেহজনক ক’ৰনাভাইৰাছৰ ঘটনা

March 3, 2020 5:26 pm · এন ই নাও নিউজ
প্রতিনিধিত্বমূলক ফটো

ভাৰতত আতংকৰ ছাঁ পেলাই ছয়টা নতুন সন্দেহজনক কৰ’নাভাইৰাছৰ(COVID-19) ঘটনা পোহৰলৈ আহিছে।এই ঘটনা আগ্ৰাৰ।

আগ্ৰাত নমুনা পৰীক্ষাৰ সময়ত কৰ’না আক্ৰান্ত ছয়টা ঘটনা চিনাক্ত কৰা হৈছে। এইয়া কালি নতুন দিল্লীৰ COVID-19 ৰোগীৰ সৈতে সংস্পৰ্শৰ পৰা সংক্ৰমিত হোৱা বুলি কোৱা হৈছে। তেওঁলোকক এতিয়া নিৰীক্ষণত ৰখা হৈছে। নিশ্চিতকৰণৰ বাবে তেওঁলোকৰ নমুনা পুনেৰ NIV লৈ প্ৰেৰণ কৰা হৈছে।

বৰ্তমান ভাৰতত ইয়াৰে সৈতে মাৰাত্মক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা মুঠ ৮জনলৈ বৃদ্ধি পালে।

 

সোমবাৰে কৰ’নাভাইৰাছৰ দুটা ঘটনা পোহৰলৈ আহিছিল। ইয়াৰ এটা দিল্লীৰ আৰু আনটো হৈছে তেলেংগানাৰ।

মন্ত্ৰ্যালয়ে এক বিবৃতিত কৈছিল : ‘’COVID-19ৰ এটা আক্ৰান্ত ঘটনা নতুন দিল্লীত চিনাক্ত হৈছে আৰু আৰু তেলেংগানাত চিনাক্ত কৰা হৈছে।‘’

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে দিল্লীৰ আক্ৰান্ত ব্যক্তিজনে ইটালী ভ্ৰমণ কৰিছিল আৰু তেলেংগানাৰ ব্যক্তিজনে ডুবাই ভ্ৰমণ কৰিছিল।

ইয়াৰ পূৰ্বে কেৰালাত তিনিজন COVID-19 আক্ৰান্ত ৰোগীৰ কথা পোহৰলৈ আহিছিল যদিও ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ পাছত হাস্পাতলৰ পৰা মুকলি কৰি দিয়া হয়।

Related News