অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা গৃহৰক্ষী জোৱান সকলৰ প্ৰতিবাদত উত্তাল হৈ পৰে দিছপুৰ লাষ্ট গেট।
মঙলবাৰে সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই চাকৰি নিয়মীয়াকৰণকে ধৰি অন্যান্য বহু দাবী শীঘ্ৰে পূৰণ কৰাৰ দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
প্ৰতিবাদস্থলীৰ পৰা ১৯৪৭ চনৰ গৃহৰক্ষী আইন সংশোধন কৰি অসম গৃহৰক্ষী বাহিনীৰ স্বেচ্ছাসেৱকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে বুলি চৰকাৰক দাবী জনায় সন্থাৰ সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদে।
গৃহৰক্ষী সকলক এগৰাকী আৰক্ষী কনিষ্ঠবলৰ সম পৰ্যায়ত দৰমহা দিবলৈ দাবী জনাই সাধাৰণ সম্পাদকগৰাকীয়ে।
“যি সময়ত ভাৰতবৰ্ষৰ আন ৰাজ্য পঞ্জাৱ, হাৰিয়ানা, দিল্লীত গৃহৰক্ষী জোৱান সকলক ২০ হাজাৰতকৈ অধিক হাৰত দৰমহা প্ৰদানৰ লগতে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, তেলেংগনাৰ দৰে ৰাজ্যই গৃহৰক্ষী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব পাৰে, তেনে ক্ষেত্ৰত অসম চৰকাৰে ৰাজ্যৰ গৃহৰক্ষী সকলৰ ক্ষেত্ৰত একে পন্থা অৱলম্বন কৰিব কিয় নোৱাৰে সেয়া এক ডাঙৰ প্ৰশ্ন” আহমেদে এইদৰে কয়।
আন এজন গৃহৰক্ষী জোৱান অনন্ত দাসে কয়, ‘‘ছমাহ কাল খাকী পোছাক পিন্ধি হাতত বন্দুক লৈ তহলদাৰী গৃহৰক্ষী জোৱানজনে ছমাহ পাছতে নিজৰ চাকৰি হেৰুৱায়। যাৰ ফলত দিন হাজিৰা কৰি বা ঠেলা ৰিক্সা চলাই পেটৰ ভাতমুঠি মুকলি কৰিব লগীয়া হয় গৃহৰক্ষী জোৱানসকলে। এই বিষয়টো অতি কষ্টকৰ আৰু লজ্জাজনক।’’
ইয়াৰোপৰি, গৃহৰক্ষী স্বেচ্ছাসেৱকসকলক Online সেৱাযোগে কৰ্তব্যত নিয়োজিত প্ৰক্ৰিয়াটো পুনৰ সক্ৰিয় কৰি তেওঁলোকৰ সুবিধাৰ্থে PASSWORD ৰ লগতে WEBSITE মুকলি কৰাৰো দাবী তোলে।