NORTHEAST NOW (Assamese)

৭,২০০টা কাৰ্টনসহ অৰুণাচলী সুৰা ভৰ্তি ছয়খনকৈ ট্ৰাক জব্দ; চালককেইজনক গ্ৰেপ্তাৰ

January 26, 2020 8:23 am · বিদ্যুৎজ্যোতি বৰা
Updated: January 26, 2020 8:26 am
আৰক্ষীয়ে জব্দ কৰা অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক কেইখন। ফটো: নৰ্থইষ্ট নাও

নগাঁও জিলাৰ  চামগুৰিত বৃহস্পতিবাৰে নিশা নগাঁও জিলা আবকাৰি বিভাগে চামগুৰি আৰক্ষীৰ সহযোগত অবৈধভাৱে সুৰা সৰবৰাহৰ কৰাৰ সন্দেহত আবদ্ধ কৰা অৰুণাচলী সুৰা ভৰ্তি ছয়খনকৈ ট্ৰাকৰ ৰহস্য অৱশেষত ওৰ পৰিল।

শনিবাৰে পুৱা নগাঁও জিলা আবকাৰি বিষয়া গৰাকীয়ে সুৰাসহ আটাইকেইখন ট্ৰাক জব্দ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ সন্মুখত স্পষ্ট কৰে।

উল্লেখযোগ্য যে, অৰুণাচলৰ নিৰজুলিস্থিত”নেফা ব্ৰেৱেৰিচ প্ৰাইভেট লিমিটেড” নামৰ প্ৰতিষ্ঠানত প্ৰস্তুত হোৱা বুলি লেবেল মৰা “টুব’ৰ্গ ষ্টং বিয়েৰ” নামৰ সুৰাৰ সৰ্বমুঠ ৭,২০০টা কাৰ্টন নীতি বহিৰ্ভূতভাৱে অৰুণাচলৰ পৰা শ্বিলঙলৈ ছয় খনকৈ ট্ৰাকৰ সহায়ত সৰবৰাহৰ চেষ্টা চলাইছিল “নিউ ইণ্ডিয়া ট্ৰাঞ্চপৰ্ট” নামৰ এটা পৰিবহন কোম্পানীয়ে।

এই সন্দৰ্ভত অভিযানকাৰী দলটোৱে ট্ৰাক কেইখনৰ পৰা ছয়জনকৈ চালকক আটক কৰি সোধপোছ কৰাৰ পিছত আটাইকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে আবকাৰি বিষয়া গৰাকীয়ে।

ইফালে চামগুৰি ৰাজহ চক্ৰ বিষয়া গৰাকীৰ উপস্থিতত শুকুৰবাৰে পুৱাৰ ভাগৰ পৰা দোভাগ ৰাতি পৰ্য্যন্ত গুৱাহাটীৰ পৰা অহা আবকাৰি বিভাগৰ এটা বিশেষ দলে নগাঁও আবকাৰি বিভাগৰ সৈতে যুটীয়াভাবে এই সমগ্ৰ সৰবৰাহ কাণ্ডটোৰ ওপৰত পুংখানুপুংখভাবে তদন্ত কৰে।

তদন্তৰ অন্তত ট্ৰাক কেইখনৰ বোজাই অনা সুৰাৰ নথিৰ সন্দৰ্ভত যথেষ্ট বিসংগতি দেখা পোৱাৰ বিষয়ে উল্লেখ কৰি সুৰাসহ ট্ৰাক কেইখন জব্দ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

এতিয়া প্ৰশ্ন হ’ল, আবকাৰি বিভাগৰ তদন্তৰ পাছত পোহৰলৈ আহিবনে এই সমগ্ৰ অবৈধ অৰুণাচলী সুৰা সৰবৰাহৰ কাণ্ডৰ সৈতে জড়িত অসাধু ব্যৱসায়ী সকলৰ মুখবোৰ? ই পৰৱৰ্তী সময়ত অতিশয় লক্ষণীয় হ’ব বুলি সচেতন নাগৰিকে ধাৰণা কৰিছে ।

Related News