• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

শীতকালীন অধিৱেশনত তীব্ৰতৰ হ’ব কৃষক আন্দোলন, জনালে সংযুক্ত কিষাণ মৰ্চাই

এন ই নাও নিউজ by এন ই নাও নিউজ
November 9, 2021 11:01 pm
Farmer protest against farm act
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্ত্তন কৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৃষক আন্দোলনে এবছৰ অতিক্ৰম কৰাৰ পিছত ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব লগীয়া শীতকালীন অধিৱেশনৰ সময়ত প্ৰতিদিনে ৫০০ কৃষকে সংসদলৈ শান্তিপূৰ্ণ ট্ৰেক্টৰ সমদলত অংশগ্ৰহণ কৰিব। এই বিষয়ে সদৰী কৰিছে সংযুক্ত কিষাণ মৰ্চাই।

পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষকসকলে যোৱা বছৰৰ ২৬ নৱেম্বৰৰ পৰা দিল্লীৰ সীমাত তিনিখন কৃষক আইনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে।

আন্দোলনৰ নেতৃত্ব দিয়া সংযুক্ত কিষাণ মৰ্চাই আজি এক বৈঠকৰ পিছত ট্ৰেক্টৰ সমদলৰ কথা ঘোষণা কৰে।

এক বিবৃতিত সংস্থাটোৱে কয় যে প্ৰতিবাদী কৃষকসকলে সমগ্ৰ ভাৰতত ২৬ নৱেম্বৰৰ পৰা তীব্ৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব।

সংযুক্ত কিষাণ মৰ্চাই সিদ্ধান্ত লয় যে ২৯ নৱেম্বৰৰ পৰা শীতকালীন সংসদ অধিৱেশনৰ শেষলৈকে ৫০০ জন নিৰ্বাচিত কৃষক স্বেচ্ছাসেৱকে প্ৰতিদিনে ট্ৰেক্টৰ ট্ৰলীত শান্তিপূৰ্ণভাৱে আৰু সম্পূৰ্ণ অনুশাসনেৰে সংসদলৈ যাব, ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰতিবাদ সাব্যস্ত কৰিব।

Apply Now

“সমগ্ৰ দেশৰ কৃষকসকলে যি দাবীৰ বাবে এক ঐতিহাসিক সংগ্ৰাম আৰম্ভ কৰিছে সেই দাবী মানি ল’বলৈ বাধ্য কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত চাপ বৃদ্ধিৰ বাবে এই পদক্ষেপ লোৱা হ’ব।”— বিবৃতিটোত উল্লেখ কৰা হৈছে।

ইয়াৰ পূৰ্বে মাৰ্চ মাহত কৃষকসকলে বিতৰ্কিত তিনিখন কৃষি আইনৰ বিৰোধিতাৰে সংসদলৈ পদযাত্ৰা কৰিছিল।

এই বৰ্ষৰে গণৰাজ্য দিৱসত প্ৰতিবাদকাৰীসকলে দিল্লীত এক জংগী আন্দোলন গঢ়ি তুলিছিল।

এছকেএমৰ বিবৃতিত কোৱা হৈছে যে ২৬ নৱেম্বৰত দিল্লীৰ সকলো সীমাত পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু ৰাজস্থানৰ পৰা অহা কৃষকৰ দ্বাৰা বৃহৎ সংগ্ৰাম হ’ব।

এছকেএমৰ অন্তৰ্গত ৪০ টা কৃষক সংগঠনে ২৬ নৱেম্বৰত বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰিব। এই সংগ্ৰামত এতিয়ালৈকে ৬৫০ ৰো অধিক শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব বুলি বিবৃতিটোত সদৰী কৰিছে। ২৬ নৱেম্বৰত ৰাজধানী চহৰখনত বৃহৎ মহাপঞ্চায়তৰ আহ্বান জনাইছে সংযুক্ত কিষাণ মৰ্চাই।

উল্লেখ্য যে, সংসদৰ শীতকালীন অধিৱেশন ২৯ নৱেম্বৰত আৰম্ভ হ’ব আৰু ২৩ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am
নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd