• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2026 3:13 pm
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ ৰাজধানী বেইজিঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ বিমান দুৰ্ঘটনা, যিয়ে আমেৰিকাত সংঘটিত হোৱা ৯/১১ আক্ৰমণৰ ভয়ানক স্মৃতিক মনত পেলাই দিছে। চীনত নিৰ্মিত এখন সৰু বিমান চাইনা জুন নামেৰেও পৰিচিত বেইজিঙৰ আটাইতকৈ ওখ আকাশচুম্বী অট্টালিকা চিটিআইচি টাৱাৰত খুন্দা মাৰে। এই দুৰ্ঘটনাত সমগ্ৰ অঞ্চলটোত চৰম আতংক বিয়পি পৰে।

খবৰ অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বিমানখন চীনৰ অন্যতম সফল লঘু বিমান এয়াৰক্ৰাফ্ট ছানৱাৰ্ড এছ এ ৬০এল অৰোৰা (বি-১২পিপি)। জানিব পৰা মতে পাইলটজনে বিমানখন অকলে উৰুৱাইছিল। দুৰ্ঘটনাৰ মাত্ৰ আধা ঘণ্টাৰ আগতে তেওঁ শিফোছি বিমানবন্দৰৰ পৰা উৰণ আৰম্ভ কৰে। বিয়লি প্ৰায় ৫:৪০ বজাত বিমানখনে বিমানবন্দৰত অৱতৰণৰ বাবে সাজু হোৱাৰ সময়তে হঠাতে নিজৰ নিৰ্দ্ধাৰিত পথৰ পৰা বিচ্যুত হয়।

Apply Now

ফ্লাইট ট্ৰেকিঙত দেখা গৈছে যে বিমানখনে বেইজিঙৰ ইষ্ট ফিফথ ৰিং ৰোড অঞ্চলত উপনীত হোৱাৰ পিছত বিমানখনৰ সংকেত হেৰাই গৈছে আৰু যোগাযোগ সম্পূৰ্ণৰূপে বিছিন্ন হৈছে।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত একাধিক ভিডিঅ’ত দেখা গৈছে যে ১৭০০ ফুট ওখ ১০৯ মহলীয়া অট্টালিকাটোত বিমানখনৰ টুকুৰাবোৰ আকাশৰ পৰা বৰষুণৰ দৰে সৰি পৰিছে। বিমানখনৰ খুন্দাত অট্টালিকাটোৰ কমেও দুখন খিৰিকী সম্পূৰ্ণৰূপে ভাঙি যোৱাৰ লগতে অট্টালিকাটোত এটা ডাঙৰ ফুটাৰ সৃষ্টি হয়।

বিমানখনৰ এটা উইং অট্টালিকাৰ তলত পৰি থকা দেখা গৈছে। ইয়াৰ উপৰিও তলৰ মহলাত সিঁচৰতি হৈ থকা ধ্বংসাৱশেষৰ পৰাও ক’লা ধোঁৱা ওলোৱা দেখা গৈছে।

দুৰ্ঘটনাৰ পিছতে ততাতয়াকৈ সমগ্ৰ অট্টালিকাটো খালী কৰা হয়। অৱশ্যে এই ঘটনাত কিমান লোক হতাহত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

চাওয়াং জিলাৰ কেন্দ্ৰীয় ব্যৱসায়িক জিলাত অৱস্থিত ‘চাইনা জুন’ ভৱনটো চীনৰ ছাংহাই টাৱাৰ আৰু পিং এন ফাইনেন্স চেণ্টাৰৰ পিছতে তৃতীয় সৰ্বোচ্চ অট্টালিকা। দুৰ্ঘটনাৰ খবৰ পাই বৃহৎ আৰক্ষী বাহিনী আৰু জৰুৰীকালীন উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়।

ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি সমগ্ৰ অঞ্চলটো কটকটীয়া নিৰাপত্তাৰক্ষীয়ে ঘেৰি ধৰিছে। আৰক্ষীয়ে চিটিক টাৱাৰৰ গাতে লাগি থকা কেইবাটাও পথ বন্ধ কৰি দিছে। আনকি সাধাৰণ পথাচাৰীকো অট্টালিকাটোৰ ফটো তোলাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

বিমানখনে হঠাতে কিয় বাট হেৰুৱাই পেলালে আৰু দুৰ্ঘটনাৰ আঁৰত আন কিবা যান্ত্ৰিক ট্ৰুটি আছিল নেকি সেই সন্দৰ্ভত ইতিমধ্যে প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd