বন বিভাগে জব্দ কৰিলে এক কোটি টকা মূল্যৰ সাপৰ বিষ, ক’ত?

snake-venom-450x300

সাপৰ বিষৰ বজাৰ খন ক্ৰমাৎ সম্ৰসাৰিত হৈ গৈ আছে।

ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা দুষ্ট চক্ৰই চোৰাং পথেৰে সাপৰ বিষ বিদেশলৈ প্ৰেৰণ কৰি আহিছে।

শেহতীয়াকৈ ওড়িশাৰ বন বিভাগে প্ৰায় এক কোটি টকা মূল্যৰ সাপৰ বিষ জব্দ কৰিবলৈ সক্ষম হয়।

ইয়াৰ লগতে সাপৰ বিষ সৰবৰাহৰ সৈতে জৰিত ৬ গৰাকী লোককো বন বিভাগে কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

ওড়িশাৰ বালেশ্বৰ নামৰ অঞ্চলটোত কেইজনমান লোকে সাপৰ বিষ গোপন পথেৰে বিদেশলৈ প্ৰেৰণ কৰিবলৈ সাজু হোৱাৰ খবৰ পোৱাৰ পিছতে বন বিভাগৰ কৰ্মীয়ে অভিযান চলাই প্ৰথমে তিনি জন লোকক আৰু পিছত আন তিনিগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়।

আটক কৰা লোক কেইগৰাকীৰ ভিতৰত এগৰাকী মহিলাও আছে।

বন বিভাগে লোক কেই জনৰ পৰা এক লিটাৰ সাপৰ বিষ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই সাপৰ বিষ খিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় এক কোটি  তিনি লাখ টকা হ’ব বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

বন বিষয়া অশোক মিফ্ৰই প্ৰকাশ কৰা মতে এক লিটাৰ বিষ পাবলৈ কমেও দুশ ডাল ফেঁটী সাপৰ প্ৰয়োজন হয়।