সময় যিমানেই আগবাঢ়ি গৈছে সিমানেই যেন বৰ্বৰ হৈ আহিছে মানুহ। এইবাৰ স্বামীৰ সন্দেহৰ বাবে পত্নী বাধ্য হ’ল সতীত্বৰ পৰীক্ষা দিবলৈ।
এইবাৰ এগৰাকী মহিলাই স্বামীৰ সন্দেহৰ বলি হৈ সন্মুখীন হ’ল গৰম তেলত হাত দিবলগা পৰিস্থিতিৰ।
এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰ জিলাৰ থাপিথুপ্পি গাঁৱত। জানিব পৰা মতে ভুক্তভোগী মহিলাগৰাকীৰ বয়স ৫১ বছৰ। চাৰিটা সন্তানৰ মাতৃ তেওঁ।
মহিলাগৰাকীৰ স্বামীয়ে তেওঁৰ চৰিত্ৰত সন্দেহ কৰাৰ বাবে তেওঁৰ সতীত্ব পৰীক্ষা কৰিব খুজিছিল স্বামীয়ে। যাৰবাবে পত্নীক জনজাতীয় সমাজৰ সকলোৰে সন্মুখত উতলাই থোৱা ৫ লিটাৰ গৰম তেলত হাত ডুবাই নিজৰ সতীত্ব পৰীক্ষা কৰিবলৈ দিয়া হৈছিল।
কিন্তু এই ঘটনাৰ খবৰ চৰকাৰী বিষয়াই গম পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ জনজাতীয় মহিলাগৰাকীক উদ্ধাৰ কৰে। বিষয়া সকল আহি মহিলাগৰাকীক গৰম তেলত হাত ডুবাই দিয়াৰ কাৰ্যত বাধা প্ৰদান কৰিলে।
সূত্ৰ অনুসৰি স্বামীয়ে প্ৰায়ে মহিলাগৰাকীৰ চৰিত্ৰক লৈ সন্দেহ কৰিছিল। অভিযোগ কৰা হৈছে যে আগতেও তেওঁক সঘনাই মাৰপিট কৰিছিল। ইয়াৰ পিছত বহুদিন সেই গাঁৱৰ প্ৰাচীন প্ৰথা অনুসৰি মহিলাগৰাকীক সতীত্ব পৰীক্ষা দিবলৈ কোৱা হৈছিল।
কিন্তু এই ঘটনা সন্দৰ্ভত কোনো আৰক্ষীৰ ওচৰত কোনো অভিযোগ দাখিল কৰা হোৱা নাই। অৱশ্যে আৰক্ষীয়ে জনোৱা মতে, সমাজখনক নিৰীক্ষণ কৰা হৈছে। আনহাতে, মহিলাগৰাকীৰ স্বামী আৰু গাঁৱৰ লোকসকলক কাউন্সেলিঙৰ বাবে মাতি অনা বুলি আৰক্ষীয়ে অৱগত কৰে।