• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঝাৰখণ্ডৰ নিৰ্বাচনী ফলক দেশজুৰি উদযাপন ছ’চিয়েল মিডিয়া য়ুজাৰৰ

টুইটাৰৰ ইণ্ডিয়াৰ ট্ৰেণ্ডৰ শীৰ্ষত সৰু ৰাজ্যখনৰ নিৰ্বাচনী খবৰ; এগৰাকী টুইটাৰ য়ুজাৰে পোষ্ট- "Retweet If you're living in a BJP free state"

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2019 5:52 pm
Modi vs Hemanta Soren
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ ৮১খন বিধানসভাৰ আসন থকা ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফলক আজি দেশৰ বিভিন্ন ঠাইৰ ছ’চিয়েল মিডিয়া য়ুজাৰে উদযাপন কৰা দেখা গৈছে।

আয়তনত সৰু হ’লেও ৰাজ্যখনৰ নিৰ্বাচনী ফলাফলে সমগ্ৰ দেশৰে শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি জনগণৰ মতৰ উপযুক্ত প্ৰকাশ বুলি দাবী কৰিছে ছ’চিয়েল মিডিয়া য়ুজাৰে।

Apply Now

টুইটাৰত আজি এই বিষয়টো (#JharkhandElectionResults) ভাৰতীয় ট্ৰেণ্ডৰো শীৰ্ষত আছে।

ৰাজ্যখনত কংগ্ৰেছ+জে এম এম+আৰ জে ডিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰাৰ পিছত বিভিন্নজনে ইয়াৰ বাবে আনন্দ প্ৰকাশ কৰিছে।

এগৰাকী টুইটাৰ য়ুজাৰে পোষ্ট দিছে এইবুলি RT If you’re living in a BJP free state.

বিভিন্ন ৰাজ্যৰ পৰা টুইটাৰ য়ুজাৰে নিজৰ ৰাজ্যখন “বিজেপিমুক্ত” বুলি তেওঁৰ টুইটটোৰ ৰিপ্লাই দিয়া দেখা গৈছে। এওঁলোক মহাৰাষ্ট্ৰ, পশ্চিমবংগ, কেৰালা আদিৰ বিভিন্ন ৰাজ্যৰ।

কিছুমান উত্তৰ বেচ আকৰ্ষণীয়। অন্ধ্ৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰা এজন য়ুজাৰে কৈছে, “মই বিজেপিমুক্ত ৰাজ্যত বাস কৰো নে নাই নাজানো… আমাৰ মুখ্য মন্ত্ৰীয়ে সকলো ক্ষেত্ৰতে বিজেপিক সমৰ্থন কৰিছে। (I dnt knw if i m living in a bjp mukt state..Our CM has supported BJP on all fronts!! Andhra Pradesh!!)।

তামিল নাডুৰ এজনৰ উত্তৰ, “মই এখন অৰ্ধ-বিজেপি ৰাজ্য তামিল নাডুত বাস কৰো। মই ৰিটুইটৰ বাবে উপযুক্ত নে?” (I live in TN, a quasi BJP state. Am I qualified to retweet??).

মূল টুইটটো কৰা Arya (thecuriouself) নামৰ নিজকে আইনৰ ছাত্ৰী, সমাজকৰ্মী বুলি পৰিচয় ৰখা মহিলাগৰাকীয়ে সন্মতিসূচক উত্তৰ দি ৰাজ্যখনক প্ৰতিৰোধৰ মূল কেন্দ্ৰ (hub) বুলি কৈছে।

তাৎপৰ্য্যপূৰ্ণ উত্তৰ দিছে আন এজন য়ুজাৰে, তেওঁ কৈছে, “but you are living in India”.

এইবোৰৰ উপৰি বিজেপি আৰু মোদীৰ ৰাজনীতিক সাম্প্ৰদায়িক আৰু ভাৰতত ইয়াৰ অপ্ৰাসংগিকতা দোহাৰিছে বহুতো য়ুজাৰে। চোকা কটাক্ষ কৰা হৈছে গেৰুৱা নেতা আৰু অনুগামীসকলক।

অৱশ্যে সংখ্যাত কম হ’লেও বিজেপিৰ সমৰ্থকে কংগ্ৰেছক “জে এম এমৰ ভৰি চেলেকা” আদি বিশেষণ দিবলৈ এৰা নাই।

এজন বিজেপিৰ সমৰ্থকৰ অভিমত, “ছেকুলাৰিজম নহয় হিন্দুত্বক মূল নীতি কৰিলেহে বিজেপিৰ জয় সম্ভৱ, সেই কথা ঝাৰখণ্ডৰ ফলাফলে প্ৰমাণ কৰিছে”।

মন কৰিব লগীয়া কথাটো হ’ল, ৩০ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈকে ৫টা পৰ্য্যায়ত হোৱা ঝাৰখণ্ড নিৰ্বাচনত মোদী আৰু অমিত শ্বাহে কেইবাবাৰো ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাইছিল। মোদীৰ ভাষণত তিনি তালাক, অনুচ্ছেদ ৩৭০ বাতিল, ৰাম মন্দিৰ, নাগৰিকত্ব (সংশোধন) আইনৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ে ঠাই পাইছিল।

একাধিকবাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৰাজ্যখনলৈ যোৱা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছিল, “আমি নাগৰিকত্ব সংশোধনী আইনখন আনিলো আৰু কংগ্ৰেছৰ পেটৰ বিষ হৈছে আৰু ইয়াৰ বিৰুদ্ধে হিংসাত্মক আন্দোলনক উচটনি দিছে”।

উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে ১৭ ডিচেম্বৰত এখন নিৰ্বাচনী সভাত ভাগ লৈ কৈছিল, “কোনোবা ইৰফান আনছাৰিয়ে (কংগ্ৰেছ প্ৰাৰ্থী) ৰাম মন্দিৰ বনাবলৈ সহায় কৰিব নে বীন্দা মণ্ডলে (বিজেপি প্ৰাৰ্থী) কৰিব?”

তেওঁ কোনো ৰামভক্তই ইৰফান আনছাৰিক ভোট নিদিয়ে বুলিও মন্তব্য কৰিছিল। আজি ঘোষিত ফলাফলত ইৰফান আনছাৰি জয়ী হয় প্ৰায় ৩১ হাজাৰ ভোটৰ ব্যৱধানত।

টুইটাৰত এখন সৰু ৰাজ্যৰ নিৰ্বাচনী ফলাফলে ইমান বেছিকৈ চৰ্চাত থকাটো ৰাজনীতি যে বৰ্তমান প্ৰজন্মৰ চিন্তাস্ৰোতৰ এটা প্ৰধান সুঁতি হৈ পৰিছে, সেই কথাও প্ৰমাণ কৰে।

বিজেপিৰ হাতৰ পৰা এই ৰাজ্যখন আঁতৰি যোৱাৰ পিছত বিজেপিয়ে শাসন কৰা বা শাসনৰ অংশীদাৰ হোৱা ৰাজ্যৰ সংখ্যা ১৫খনলৈ হ্ৰাস পালে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd