NORTHEAST NOW (Assamese)

বিষয় কৃষক আন্দোলন: অসমলৈ আহিব বিশিষ্ট সমাজ বিজ্ঞানী যোগেন্দ্ৰ যাদৱসহ ৬ কৃষক নেতা

March 11, 2021 8:21 pm · কল্পজ্যোতি শইকীয়া
যোগেন্দ্ৰ যাদব।

দেশৰ কৃষিক্ষেত্ৰ, উদ্যোগক্ষেত্ৰ আদিত ক’লা আইন গ্ৰহণেৰে কেন্দ্ৰৰ বিজেপি চৰকাৰখনে দেশখনৰ কৃষক শ্ৰমিকৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ অৰ্থনৈতিক স্বাধীনতা হৰণ কৰি একাংশ পুঁজিপতি আৰু জনসাধাৰণক গোলাম সদৃশ দ্বিতীয় শ্ৰেণীৰ নাগৰিক সজোৱা দেখা গৈছে বুলি গুৰুতৰ অভিযোগ সংগ্ৰামী কৃষক-শ্ৰমিক সংঘৰ।

সেয়েহে এনে পৰিস্থিতিত অহা ১৪ মাৰ্চৰ দিনা অসমলৈ বিশিষ্ট সমাজ বিজ্ঞানী যোগেন্দ্ৰ যাদৱ আহি অসমত উপস্থিত হ’বহি।

সংগ্ৰামী কৃষক-শ্ৰমিক সংঘ, নিখিল ভাৰত কৃষক সভা, অসম ৰাজ্য পৰিষদ আৰু সুস্থ সমাজ বিকাশ চক্ৰৰ উদ্যোগত ‘কৃষক আন্দোলন আৰু ভাৰতৰ ৰাজনৈতিক পৰিস্থিতিত গণতান্ত্ৰিক নাগৰিকৰ দায়িত্ব’ শীৰ্ষক বিষয়ৰ ওপৰত এক বক্তৃতা প্ৰদান কৰিব যাদৱে।

তেওঁৰ সৈতে অন্য ছয়জন সংগ্ৰামী কৃষক নেতা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। তেওঁলোক হ’ল ক্ৰমে ড০ সুনীলাম. ড০ সনাতন সিং, অমৰজিৎ সিং, দীপক লাম্বা, ৰমজান চৌধুৰী আৰু পৰমজিৎ সিং।

এই সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সংগ্ৰামী কৃষক-শ্ৰমিক সংঘৰ সম্পাদক দীনেশ দাস আৰু নিখিল ভাৰত কৃষক সভাৰ সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত গগৈয়ে সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনায়।

এই বক্তৃতা প্ৰদান অনুষ্ঠিত হ’ব কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্চন হলত।

Related News