• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংবিধানৰ নতুন প্ৰতিলিপিৰ প্ৰস্তাৱনাত নাই ‘সমাজবাদী-ধৰ্মনিৰপেক্ষ’ শব্দ! কংগ্ৰেছ নেতাৰ বিস্ফোৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2023 11:13 am
new Parliament building
18.4k
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি হ’ল নতুন সংসদ ভৱন। সংসদৰ বিশেষ অধিৱেশনেৰে কালি নতুন সংসদ ভৱনৰ মুকলি কৰা হয়। পিছে গণতন্ত্ৰৰ মন্দিৰ খ্যাত সংসদৰ এই নতুন ভৱন মুকলিৰ দিনাই দেশৰ সংবিধানত আক্ৰমণৰ অভিযোগ উঠিছে।

কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কৰা বিস্ফোৰক দাবী মতে, নতুন সংসদ ভৱন মুকলিৰ সময়ত সাংসদসকলৰ হাতত দিয়া সংবিধানৰ নতুন প্ৰতিলিপিৰ প্ৰস্তাৱনাত নাই ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ।

এক সাক্ষাৎকাৰত চৌধুৰীয়ে কয়, “আমি জানো যে ১৯৭৬ চনত সংশোধনীৰ পিছত এই শব্দকেইটা সংযোজন কৰা হৈছিল।” কিন্তু সাংসদৰ হাতত দিয়া সংবিধানৰ প্ৰতিলিপিত যদি সেই শব্দ দুটা নাথাকে, সেয়া চিন্তাৰ বিষয় বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

তেওঁ লগতে বিজেপি এই উদ্দেশ্য সন্দেহজনক বুলি অভিযোগ কৰি অত্যন্ত চতুৰতাৰে এই কাৰ্য কৰা হৈছে বুলি দাবী কৰে। সংসদত তেওঁ এই বিষয়টো উত্থাপন কৰিবলৈ চেষ্টা কৰিছিল যদিও সুযোগ লাভ নকৰিলে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে।

চলিত বিশেষ অধিৱেশনৰ দ্বিতীয় দিনা কংগ্ৰেছ নেতাগৰাকীয়ে ‘ভাৰত’ আৰু ‘ইণ্ডিয়া’ৰ মাজত অপ্ৰয়োজনীয় বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা নকৰিবলৈও সকীয়াই দিয়ে। ভাৰতৰ সংবিধান অনুসৰি দুয়োটাৰ মাজত কোনো পাৰ্থক্য নাই বুলি তেওঁ আঙুলিয়াই দিয়ে।

সংবিধানৰ ১ নং অনুচ্ছেদত ‘ইণ্ডিয়া অৰ্থাৎ ভাৰত….’ ৰ জৰিয়তে আৰম্ভ হোৱা বাক্যৰ উদ্ধৃতি দি তেওঁ ইণ্ডিয়া আৰু ভাৰতৰ মাজত কোনো পাৰ্থক্য নাই বুলি যুক্তি দৰ্শায়।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd