চাপৰ অঞ্চলত ব্যাপক হাৰত মাটিৰ খননঃ উদ্বিগ্ন প্ৰকৃতিপ্ৰেমী,বন মন্ত্ৰীৰ হস্তক্ষেপ কামনা

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন স্থানত বৈধ তথা অবৈধ ভাৱে কাঠফুলাৰ দৰে গঢ়ি উঠা কিছুসংখ্যক ইটাভাটাই ৰয়েল্টি ফাঁকিৰে বৃহৎ লুণ্ঠনৰাজ চলাই যোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।উল্লেখ্য যে ৰাজহ চক্ৰখনৰ অন্তৰ্গত বহলপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ অধীনত গঢ়ি উঠা ২০ টা আৰু শালকোচা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনত গঢ়ি উঠা ৩৬ টা ইটাভাটাই অঞ্চলটোৰ চৰকাৰী ‘খাছ’ ভূমি, কৃষিভূমি, বনাঞ্চলৰ ভূমি তথা আৰ্দ্ৰভূমি খনন তথা ব্যৱহাৰ কৰি বৃহত্তৰ অঞ্চলটোৰ চহকী জৈৱ বৈচিত্ৰ্য ৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে। জানিব পৰা মতে প্ৰতি বছৰে প্ৰতিটো ইটাভাটাই গড়ে ২০ হাজাৰৰো অধিক কিউবিক মিটাৰ( চি এম) মাটি ইটা প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰে ।চ

ৰকাৰী নিৰিখ মতে প্ৰতি ‘চি এম’ মাটিৰ বিপৰীতে ইটাভাটাই বনবিভাগক পঞ্চলিছ টকাকৈ ৰয়েল্টি হিচাপে দিব লাগে । প্ৰকৃততে এই ৫৬ টা ইটাভাটাই প্ৰতি বছৰে মাটিৰ ৰয়েল্টি বাবদ কমেও চাৰে পাঁচ কোটি টকা চৰকাৰক আদায় দিব লাগে যদিও ইটাভাটাকেইটাই নাম মাত্ৰ জৰিমনা হিচাপে আদায় দিয়েই নিজৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে বুলি অভিযোগ উঠিছে। ইটাভাটাসমূহে নিজাববীয়াকৈ কিম্বা মাটি খননক কেন্দ্ৰ কৰি গঢ় লৈ উঠা চিণ্ডিকেট চক্ৰ এটাৰ জৰিয়তে কৃষি ভূমি, ৰঙা মাটি , চাপৰিৰ মাটি, নৈ পৰিয়া বালি মাটি ,বনাঞ্চল আদিৰ পৰা অবৈধ ভাৱে মাটি খনন কৰি থকা পৰিলক্ষিত হৈছে। ছিণ্ডিকেট চক্ৰটোৱে ১০০০ চি এম মাটি খননৰ ৰয়েল্টি জমা দিয়াৰ বিপৰীতে উক্ত নিৰ্ধাৰিত স্থানৰ পৰা হেজাৰ হেজাৰ চি এম মাটি খনন কৰি থকাৰো গুৰুতৰ অভিযোগ পোৱা গৈছে।

বনাঞ্চলিক বিষয়াই মাটি খনন কৰা চক্ৰটোক প্ৰতিখন ট্ৰাকৰ বিপৰীতে প্ৰতিদিনে ছয় ঘণ্টাৰ বাবে ৫ চি এম মাটি কঢ়িয়াবলৈ চালান দিয়ে যদিও উক্ত ট্ৰাকসমূহে একেখন চালানেৰে গোটেই দিন ধৰি মাটি কঢ়িওৱা দেখা যায়। আনহাতে উক্ত চালানত মাটিখিনি ক’ত লৈ যাব সেই সংশ্লিষ্ট ইটাভাটাটোৰ নাম থাকে যদিও মাটিখিনি কৰ পৰা খনন কৰা হৈছে সেই নিৰ্ধাৰিত জি পি এছ কৰা স্থানটোৰ নাম কৌশলেৰে উল্লেখ কৰাৰ পৰা বিৰত থাকি সংশ্লিষ্ট ৰাজহ গাওঁখনৰ নামহে উল্লেখ কৰে।

ৰয়েল্টি জমা দিয়া সংশ্লিষ্ট স্থানত জোখ-মাপ কৰিলেই কিমান মাটি খনন কৰা হৈছে সেই কথা ওলাই পৰিব যদিও বন বিভাগে ৰহস্যজনক কাৰণত খনন কৰা মাটিৰ পৰিমাণ নিৰ্ধাৰণ কৰাৰ পৰাও বিৰত আছে। জানিব পৰা মতে পুৱতি নিশাৰ পৰা আৰম্ভ কৰি নিশা লৈকে চাপৰৰ ৰাষ্ট্ৰীয় ঘাই পথ , চাপৰ অঞ্চলৰ ভিতৰুৱা পথ , বনাঞ্চলৰ মাজৰ পথ আদিয়ে দি বিয়াগম বিয়াগম ডাম্পাৰে দি অভাৰলোড মাটি বজাই দি কঢ়িয়াই থকাৰ উপৰি ট্ৰেক্টৰ , সৰু বৰ বাহনে দি মাটি কঢ়িযাই থকা দেখি সচেতন মহল আৰু প্ৰকৃতিপ্ৰেমী সকলৰ মাজত নান ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আছে।

এই খনন কাৰ্য সমূহ কিমান বৈধ আৰু কিমান অবৈধ ভাবে চলি আছে এই সমগ্ৰ বিষয় সম্পৰ্কে এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ প্ৰকৃতি প্ৰেমী সংগঠন তথা সমাজ সচেতন স্থানীয় ৰাইজ আদিয়ে ৰাজ্যৰ বন মন্ত্ৰীৰ হস্তক্ষেপৰ লগতে ধুবুৰীৰ উপায়ুক্তক আহ্বান জনাইছে।