NORTHEAST NOW (Assamese)

২৭ জানুৱাৰিত চকা বন্ধ ঘোষণা

January 13, 2021 12:26 pm · এন ই নাও নিউজ

অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই অসমৰ মটৰ শ্ৰমিকৰ বাবে পেন্সন, চিকিৎসা আৰু তেওঁলোকৰ সন্তানৰ শিক্ষা সাহায্যযুক্ত কৰি চৰকাৰৰ প্ৰস্তাৱিত কল্যাণ আঁচনি শীঘ্ৰে অনুমোদন কৰাৰ দাবী উত্থাপন কৰে।

দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি অল ইণ্ডিয়া ৰোড ট্ৰেন্সপ’ৰ্ট ৱাৰ্কাছ ফেডাৰেশ্যনৰ অসম ৰাজ্যিক সভাপতি মথুৰা দাস, সাধাৰণ সম্পাদককে ধৰি ভালেসংখ্যক শ্ৰমিক নেতাই অসমৰ বেচৰকাৰী মটৰ পৰিবহন শ্ৰমিকৰ বাবে চৰকাৰে আজিকোপতি প্ৰস্তাৱিত কল্যাণ আঁচনি আৰু মটৰ শ্ৰমিকৰ অন্যান্য সমস্যাৰাজি সমাধানৰ ক্ষেত্ৰত অনীহা দেখুৱাই অহাত উদ্বেগ প্ৰকাশ কৰে।

সংবাদমেলত মটৰ শ্ৰমিক সংগঠনসমূহ এলানি আন্দোলন কাৰ্য্যসূচীৰ কথাও ঘোষণা কৰে।

এই আন্দোলন কাৰ্য্যসূচী অনুসৰি ২৭ জানুৱাৰিত ২৪ ঘণ্টীয়া চকাবন্ধ কাৰ্য্যসূচী পালন কৰা হ’ব।

ইয়াৰ পৰৱৰ্তী সময়ত পুনৰ চকাবন্ধ কাৰ্য্যসূচী, পথ অৱৰোধ আৰু দিল্লীৰ কৃষক বিদ্ৰোহৰ নিচিনা তীব্ৰ আৰু কঠোৰ আন্দোলন কাৰ্য্যসূচীয়ো ঘোষণা কৰা হ’ব বুলি শ্ৰমিক সংগঠন সমূহে জানিবলৈ দিয়ে।

শ্ৰমিক সংগঠন সমূহে চৰকাৰৰ নিৰ্দেশত বন্ধ হৈ থকা যানবাহনৰ সকলো প্ৰকাৰৰ কৰ ৰেহাই দিয়া,  অসমৰ যাত্ৰীবাহী বাহন বহিঃৰাজ্যলৈ যোৱাৰ ক্ষেত্ৰত বাধা আঁতৰ কৰা আদি দাবী সমূহ পুৰণ কৰাৰ বাবে দাবী জনায়।

Related News