ক্ৰমাৎ সন্ত্ৰাসবাদী আৰু ভাৰতীয় নিৰাপত্তাৰক্ষী বাহিনীৰ মাজৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে জম্মু-কাশ্মীৰত। সন্ত্ৰাসবাদী নিৰ্মূলৰ লক্ষ্যৰে উপত্যকাটোত নিৰাপত্তাৰক্ষীয়ে যোৱা বৰ্ষৰ সামৰণিৰ পৰা আৰম্ভ কৰা ধাৰাবাহিক অভিযানে জম্মু-কাশ্মীৰৰ পৰিস্থিতি ক্ৰমে উত্তপ্ত কৰি তুলিছে।
নিৰাপত্তাৰক্ষীৰ এনে অভিযানত বিগত সময়চোৱাত কেইবাগৰাকীও সন্ত্ৰাসবাদীৰ মৃত্যু হোৱাৰ সমসাময়িকভাৱে প্ৰাণ হেৰুৱাইছে কেইবাগৰাকীও সেনা জোৱানেও। এনে এক অভিযানতে আজি সন্ত্ৰাসবাদীৰ গুলীত পুনৰ এগৰাকী সেনা জোৱান নিহত হৈছে বুলি সদৰী কৰিছে কাশ্মীৰ আৰক্ষীয়ে।
কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বুধবাৰৰ পৰা জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত আৰম্ভ হোৱা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত এগৰাকী সেনা জোৱান নিহত হৈছে। বাৰামুলাৰ শ্বিৰি অঞ্চলৰ ৱানচিৰান তাৰিপোৰা বনাঞ্চলত এই অভিযান চলোৱা হৈছিল বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে।
এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ ভাষ্য মতে তাৰিপোৰা বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতি সম্পৰ্কে নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পিছত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে এক যুটীয়া তালাচী অভিযান আৰম্ভ কৰিছিল।
তালাচী অভিযানৰ সময়ত লুকাই থকা সন্ত্ৰাসবাদীসকলে সেনা-আৰক্ষীৰ দলটোৰ ওপৰত গুলী চালনা কৰে আৰু প্ৰতিৰক্ষামূলকভাৱে অভিযানকাৰী দলটোৱেও প্ৰতি আক্ৰমণ চলায় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
গুলী চালনাৰ সসময়ে এগৰাকী সেনা জোৱান সন্ত্ৰাসবাদীৰ গুলীত আঘাতপ্ৰাপ্ত হয় আৰু লগে লগে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু চিকিৎসাৰ সময়ত তেওঁ গুৰুতৰ আঘাতৰ পৰিণতিত মৃত্যুবৰণ কৰে বুলি বিষয়াগৰাকীয়ে লগতে কয়।
আনহাতে অভিযানৰ সময়ত লস্কৰ-ই-তৈবাৰ এগৰাকী স্থানীয় সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও বিষয়াগৰাকীয়ে সদৰী কৰিছে। আনহাতে পাকিস্তানী মূলৰ বুলি সন্দেহ কৰা আন এগৰাকী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ তালাচী অভিযান চলাই থকা হৈছে বুলিও বিষয়াগৰাকীয়ে নিজ ভাষ্যত উল্লেখ কৰে।
ধৃত লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী গৰাকীক নিছাৰ আহমেদ ভাট বুলি চিনাক্ত কৰা হৈছে। গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীগৰাকীৰ পৰা এটা একেএছ-৭৪ইউ, ২৮ ৰাউণ্ডৰ গুলীৰ লগতে অন্যান্য আপত্তিজনক সামগ্ৰীসহ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়।