• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাংবাদিকৰ সামাজিক সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যেৰে গুৱাহাটীৰ পৰা বিশ্বনাথলৈ একক চাইকেল যাত্ৰা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 13, 2019 7:53 pm

2 min read

Snehankar ride Main

গুৱাহাটীৰ পৰা বিশ্বনাথলৈ চাইকেল যাত্ৰাৰ এটা মুহূৰ্তত স্নেহাংকৰ।

3.1k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত সাংবাদিকসকলৰ সামাজিক সুৰক্ষাৰ বিষয়ত সজাগতা সৃষ্টিৰ লক্ষ্যেৰে গুৱাহাটীৰ পৰা বিশ্বনাথলৈ একক চাইকেল যাত্ৰা কৰিছে এজন যুৱকে।

বিশ্বনাথ চাৰি আলিৰ নিৱাসী স্নেহাংকৰ চক্ৰৱৰ্তী নামৰ এই যুৱকজনে নিজেও ফ্ৰীলেন্স সাংবাদিকতাত জড়িত।

আজি পুৱাৰ ভাগতেই গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰা স্নেহাংকৰে সংবাদ মাধ্যমৰ আগত কয় যে সাংবাদিকসকলৰ সুৰক্ষাৰ বিভিন্ন দিশ থাকে আৰু এইবোৰ সম্পৰ্কত সমাজখন খুব কমেই সজাগ। সেয়ে তেওঁ এই চাইকেল যাত্ৰাক এই ধৰণৰ সজাগতা সৃষ্টিৰ মূল বিষয় কৰি লৈছে।

“এই চাইকেল যাত্ৰাৰ এটা উদ্দেশ্য আছে। সাংবাদিকসকলৰ সামাজিক সুৰক্ষাৰ দিশ এটা থাকে। সাংবাদিকসকলৰ চাকৰিৰ নিৰাপত্তা, দৰমহাৰ নিশ্চয়তা আৰু সঠিক পৰিমাণ আদি দিশবিলাক ইয়াৰ অন্তৰ্গত”, স্নেহাংকৰে আমাৰ আগত কয়।

Snehankar ride body
গুৱাহাটীৰ পৰা বিশ্বনাথলৈ চাইকেল যাত্ৰাৰ দুটা মুহূৰ্তত স্নেহাংকৰ।

তেওঁ সাংবাদিকসকলক মাজিথিয়া ৱেইজ ব’ৰ্ড (Majithia wage board) মতে দৰমহা দিয়াৰ পোষকতা কৰে, যিটো প্ৰায়বোৰ সংবাদ প্ৰতিষ্ঠানে নকৰে বা ভুৱাকৈ কৰা দেখুৱায়।

সাংবাদিকসকলৰ অৱস্থা সম্পৰ্কত স্নেহাংকৰৰ মন্তব্য, “সাধাৰণ লোকসকলে সাংবাদিকসকলক কেৱল খা-খবৰ দি থকাহে দেখা পায়। তেওঁলোকৰ জীৱনৰ কিছুমান অসুবিধা থাকে, সামাজিক সুৰক্ষাৰ কথা থাকে। এইবোৰ কথা সৰ্বসাধাৰণে যাতে অৱগত হয়, তাৰ বাবে সজাগতা সৃষ্টিক মই এই যাত্ৰাৰ উদ্দেশ্য হিচাপে লৈছো।”

মাজিথিয়া ৱেইজ ব’ৰ্ডৰ অনুমোদনবোৰক ইংগিত কৰি স্নেহাংকৰে কয়, “দৰমহাৰ এটা নিৰিখ থাকিব লাগে আৰু এই সম্পৰ্কীয় কিছুমান নীতি-নিয়ম আছে, এইবোৰ সংবাদ প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষই মানি চলিব লাগে।”

অকলশৰীয়াকৈ এনেকুৱা দীঘলীয়া চাইকেল যাত্ৰা তেওঁ প্ৰথম কৰিছে বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে স্নেহাংকৰে।

Recent News

Gita Gopinath

‘নতুন কৃষি আইনে কৃষকৰ আয় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে’; IMFৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথ

Sourav-Ganguly

বুকুত প্ৰচণ্ড বিষ— পুনৰ অসুস্থ সৌৰভ গাংগুলী, চিকিৎসালয়ত ভৰ্তি

index

৪ বছৰৰ পিছত জে’লৰ পৰা মুক্তি পালে জয়াললিতাৰ এসময়ৰ ছায়াসংগী ভি কে শশীকলা

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd