NORTHEAST NOW (Assamese)

পঞ্চায়ত নিৰ্বাচন : চামগুৰিত পুনৰ কংগ্ৰেছ-বিজেপিৰ মাজত সংঘাত; আহত ৫

November 30, 2018 10:33 pm · বিদ্যুৎ জ্যোতি বৰা
Updated: November 30, 2018 10:35 pm

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁও জিলাৰ চামগুৰিত বৃদ্ধি পাইছে নিৰ্বাচনীক কেন্দ্ৰীক হিংসাত্মক ঘটনাৰ।

আজি দুপৰীয়া পুনৰ চামগুৰি সমষ্টিৰ অধীনৰ লাওখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত ভূৰবন্ধা গাঁও পঞ্চায়তত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত হতাহতি হয়। দুই পক্ষৰ হতাহতিত পাঁচজনকৈ বিজেপিৰ কৰ্মী আহত হয়।

উল্লেখযোগ্য যে লাওখোৱাৰ ৪ নম্বৰ ভূৰবন্ধাৰ বিজেপিৰ দলৰ নিৰ্বাচনী কাৰ্যালয়ত একাংশ দুষ্কৃতিকাৰীয়ে আজি দুপৰীয়া ভাগত প্ৰৱেশ কৰি বিজেপিৰ কৰ্মীক মাৰপিত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে বুলি স্থানীয় একাংশ বিজেপিয়ে অভিযোগ উত্থাপন কৰে।

এই সংঘাতত বিজেপিৰ পাঁচজন লোক আহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত মাইনুদ্দিন নামৰ বিজেপি কৰ্মী গৰাকীক ইতিমধ্যে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে কালি নিশা অচিনাক্ত দুৰ্বৃত্তৰ এটি দলে চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰিপালিত অৱস্থিত এটা বিজেপিৰ কাৰ্যালয়ত অগ্নি সংযোগ কৰা ঘটনাও সংঘটিত হয়।

Related News