• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্লাষ্টিকৰ পৰা হোৱা দুৰ্গতি নাশ! গুৱাহাটীৰ কোনখন পূজাত প্লাষ্টিকৰ পৰিৱৰ্তে কাপোৰৰ কেৰিবেগ, মাটিৰ পাত্ৰ আৰু কলপটুৱা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 14, 2018 10:40 pm
Puja Mandap Final
388
VIEWS
Share on FacebookShare on Twitter

কাইলৈৰ পৰা পাঁচদিনীয়াকৈ দেশৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো উদযাপিত হ’ব শাৰদীয় দুৰ্গোৎসৱ। এইবাৰ মহানগৰৰ কেইখনমান বিশেষ পূজা মণ্ডপত প্লাষ্টিক সম্পূৰ্ণৰূপে বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে আয়োজক কমিটীয়ে। স্বচ্ছ ভাৰত আৰু প্লাষ্টিকমুক্ত কৰাৰ উদ্দেশ্য আগত ৰাখি মহানগৰীৰ দুখন পূজা মণ্ডপে এই ক্ষেত্ৰত প্লাষ্টিকৰ ব্যৱহাৰ একেবাৰে কৰা নহয় বুলি জানিবলৈ দিছে।

গুৱাহাটীৰ লতাশিল খেলপথাৰৰ লতাশিল সাৰ্বজনীন পূজা কমিটী আৰু চিলাৰায় নগৰ পূজা কমিটীয়ে প্লাষ্টিক সম্পূৰ্ণৰূপে বৰ্জন কৰা বুলি আমাৰ সাংবাদিকক জানিবলৈ দিয়ে। লগতে প্লাষ্টিকৰ পলিথিনৰ সলনি কাপোৰৰ কেৰিবেগ, মাটিৰ গিলাচ, পূজাৰ ভোগৰ বাবে কলপাত, প্ৰসাদৰ বাবে মাটিৰ মলা ইত্যাদি ব্যৱহাৰ কৰিছে উক্ত পূজা মণ্ডপকেইখনে।

প্লাষ্টিক বৰ্জনৰ কাৰণ জানিব বিচৰাত লতাশিল সাৰ্বজনীন পূজা কমিটীৰ সাধাৰণ সম্পাদক বিজিত প্ৰদীপ দাসে নৰ্থ ইষ্ট নাওক কয় “প্লাষ্টিক বৰ্জন কৰাটো সকলোৰে এক দায়বদ্ধতা হৈ পৰিছে। গুৱাহাটীত প্লাষ্টিকে বহু সমস্যাৰ সৃষ্টি কৰিছে কাৰণ গুৱাহাটী পৌৰ নিগমে নলা চাফা কৰিলে অকল প্লাষ্টিকেই ওলায়। গতিকে সম্পূৰ্ণ প্লাষ্টিকমুক্ত কৰি আমি পূজাভাগ অনুষ্ঠিত কৰিব বিচাৰিছো।”

ইয়াৰোপৰি প্ৰায় ১০ বছৰ ধৰি লতাশিল খেলপথাৰত প্লাষ্টিকৰ পাত্ৰত প্ৰসাদ বিতৰণ কৰাটো বন্ধ ৰখা বুলি আমাক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে লতাশিল খেলপথাৰত পূজাৰ দিনকেইটাত ভক্তগণে মাটিৰ পাত্ৰত পানী খাব পাৰিব আৰু কল পটুৱাত ভোগ গ্ৰহণ কৰিব পাৰিব।

আনহাতে, স্বচ্ছতাৰ দিশটোৰ ওপৰতো চকু ৰখা হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে পূজাৰ শেষত লতাশিল খেলপথাৰখন স্থানীয় সকলো ৰাইজ একত্ৰিত হৈ চাফ-চিকুণ কৰা হ’ব।

এইক্ষেত্ৰত সকলো পূজা কমিটীকে তেওঁ প্লাষ্টিক বৰ্জন কৰিবৰ বাবে আহ্বান জনাই সকলোৰে দায়িত্ব পালন কৰিবৰ বাবে কয়।

উল্লেখযোগ্য যে, এইবছৰ লতাশিল খেলপথাৰত বৃন্দাবনত নিৰ্মীয়মাণ বিশ্বৰ ওখ মন্দিৰ চন্দ্ৰদয়া মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে আৰু এইবছৰ লতাশিল পূজা কমিটীৰ বাজেট প্ৰায় ১৬ লাখ টকা।

আনহাতে, ভঙাগড়স্থিত চিলাৰায় নগৰ পূজা কমিটীয়েও প্লাষ্টিক বৰ্জনৰ বাবে পদক্ষেপ হাতত লোৱা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে এইবাৰ পোনপ্ৰথমবাৰৰ বাবে এই পদক্ষেপ লোৱা বুলি জানিব পৰা গৈছে।

চিলাৰায় নগৰ পূজা কমিটীৰ সাধাৰণ সম্পাদিকা মিতালী ধৰে আমাৰ সাংবাদিকক কয় যে পূজা অনুষ্ঠিত হোৱা ঠাইখন প্ৰদূষণমুক্ত কৰি ৰাখিবৰ বাবে প্লাষ্টিকমুক্ত কৰি পূজাভাগ অনুষ্ঠিত কৰা হৈছে। লগতে ভোগৰ বাবে প্ৰয়োজনীয় সকলো পাত্ৰই মাটিৰে নিৰ্মিত বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে, প্লাষ্টিক গিলাচৰ সলনি কাগজৰ গিলাচ আৰু প্লাষ্টিকৰ পলিথিনৰ সলনি কাপোৰৰ কেৰিবেগ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে উক্ত পূজা মণ্ডপত।

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd