আমাৰ শৰীৰটোক বিভিন্ন ৰোগৰ পৰা মুক্ত কৰি ৰাখিবলৈ ওজন নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। বৰ্তমান সময়ত অধিকাংশ লোকে কাৰ্বহাইড্ৰেটযুক্ত খাদ্য আৰু চেনী খোৱাটো সম্পূৰ্ণৰূপে এৰাই চলি ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰে। কিন্তু আপুনি জানি আচৰিত হ’ব যে কিছুমান বিশেষ খাদ্য নিয়ম অনুসৰি খালে বেছিকৈ খাইও আপুনি ওজন নিয়ন্ত্ৰণ কৰিব পাৰে। দৰাচলতে কিছুমান এনে খাদ্য আছে যিবোৰে শৰীৰৰ ওজন বৃদ্ধি কৰাৰ বিপৰীতে ওজন হ্ৰাস কৰাতহে অধিক সহায় কৰে।
ওজন কমাব বিচৰা লোকসকলৰ বাবে প্ৰ’টিনযুক্ত খাদ্য অতি ফলপ্ৰসূ। প্ৰ’টিনে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ লগতে বাৰে বাৰে ভোক লগাৰ প্ৰৱণতা হ্ৰাস কৰে আৰু পেশী বৃদ্ধিত সহায় কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে যিসকল লোকে ৰাতিপুৱাৰ আহাৰত দুটা কণী খায়, তেওঁলোকৰ ওজন কণী নোখোৱা লোকৰ তুলনাত ৫০ শতাংশ অধিক খৰকৈ হ্ৰাস পায়। ইয়াৰ লগতে খাদ্য তালিকাত পৰ্যাপ্ত পৰিমাণৰ শাক-পাচলি অন্তৰ্ভুক্ত কৰাটো অতি জৰুৰী। শাক-পাচলিত থকা উপাদানসমূহে চৰ্বি কোষৰ প্ৰদাহ দূৰ কৰে আৰু পেটটো বহুত দেৰীলৈকে ভৰাই ৰাখে। সেয়েহে ওজন কমাবলৈ হ’লে দুপৰীয়া আৰু ৰাতিৰ আহাৰৰ আধা অংশ কেৱল সতেজ পাচলিৰে পূৰণ কৰিব লাগে।
খাদ্যত কাৰ্বহাইড্ৰেটৰ মাত্ৰা হ্ৰাস কৰি কেৱল আধা বা এটা ৰুটী খালেও শৰীৰৰ প্ৰয়োজনীয় চাহিদা পূৰণ হয় আৰু ওজন নিয়ন্ত্ৰণত থাকে। পিছে এই সময়ছোৱাত আলুৰ পৰা আঁতৰি থকাটো মংগলজনক, কাৰণ আলুয়ে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰাৰ লগতে শৰীৰৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ পৰিৱৰ্তে আহাৰত চালাড অন্তৰ্ভুক্ত কৰিলে সুফল পোৱা যায়। চালাডে স্বাস্থ্য ভালে ৰখাৰ লগতে ভোক নিয়ন্ত্ৰণত ৰাখে। একেদৰে কাঠফুলাও ওজন কমাবলৈ এটা উত্তম বিকল্প। কাঠফুলাত থকা ফাইবাৰ আৰু ভিটামিন-ডিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ উপৰি পেটৰ চৰ্বি কমোৱাত সহায় কৰে। ইয়াৰ উপৰি তিয়ঁহ নিয়মিত খালে ওজন হ্ৰাস পায়, কিন্তু মনত ৰাখিব লাগে যে তিয়ঁহ সদায় দিনৰ ভাগতহে খোৱা উচিত, কিয়নো ৰাতি তিয়ঁহ খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।





