• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিৰ্বাচনী স্বচ্ছতাৰ দাবীত অহা ২ অক্টোবৰৰ পৰা মুম্বাইৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ককৰোচ জনতা পাৰ্টীয়ে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2026 8:54 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে ককৰোচ জনতা পাৰ্টীয়ে অহা ২ অক্টোবৰৰ পৰা পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। দেশত এক স্বচ্ছ নিৰ্বাচন প্ৰক্ৰিয়াৰ পোষকতা কৰি বিশিষ্ট সমাজ আৰু পৰিৱেশকৰ্মী সোণম ৱাংচুকে এই প্ৰতিবাদলৈ মুকলি সমৰ্থন আগবঢ়াইছে। চিজেপি নেতা অভিজিৎ দীপকেই জনোৱা মতে, মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ পদত্যাগৰ বাবে নিৰ্ধাৰণ কৰি দিয়া ৪৮ ঘণ্টাৰ সময়সীমা উকলি যোৱাৰ পাছত এতিয়া মুম্বাইৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰা হ’ব ।

চিজেপিৰ এই আন্দোলনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সোণম ৱাংচুকে কয় যে বৰ্তমান দেশত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা হৈছে এক নিকা আৰু স্বচ্ছ নিৰ্বাচন প্ৰক্ৰিয়া। সেয়েহে তেওঁ এই আন্দোলনক পূৰ্ণ সমৰ্থন জনোৱা বুলি স্পষ্ট কৰি দিয়ে। অৱশ্যে, এইবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত তেওঁ সশৰীৰে উপস্থিত থাকিব নে নাই, সেই বিষয়ে কোনো চূড়ান্ত সিদ্ধান্ত সদৰী কৰা নাই। তেওঁ লগতে উল্লেখ কৰে যে ব্যক্তিগতভাৱে প্ৰতিটো আন্দোলনত অংশগ্ৰহণ কৰাটো তেওঁৰ বাবে সম্ভৱ নহ’লেও আৰম্ভণিৰ পৰাই এনে প্ৰতিবাদী কাৰ্যসূচীসমূহৰ প্ৰতি তেওঁৰ সমৰ্থন অব্যাহত আছে।

Apply Now

পৰিৱেশকৰ্মীগৰাকীয়ে পূৰ্বৰ আন্দোলনসমূহৰ কথা সুঁৱৰি কয় যে দিল্লীৰ যন্তৰ মন্তৰত চিজেপিয়ে যেতিয়া প্ৰথম প্ৰতিবাদ আৰম্ভ কৰিছিল, তেতিয়া তেওঁলোকৰ স্থিতি তুলনামূলকভাৱে দুৰ্বল আছিল। কিন্তু বৰ্তমান তেওঁলোকৰ কণ্ঠস্বৰ অধিক সৱল হৈছে আৰু এই প্ৰতিবাদে সমগ্ৰ দেশতেই তীব্ৰ জোকাৰণি তুলিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা কাণ্ডৰ বিৰোধিতাৰে চিজেপিয়ে যন্তৰ মন্তৰত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল, য’ত ৱাংচুকেও অংশগ্ৰহণ কৰিছিল। সেই প্ৰবল আন্দোলনৰ ফলশ্ৰুতিতেই তদানীন্তন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ পদৰ পৰা ইস্তফা দিবলৈ বাধ্য হৈছিল। শেহতীয়াকৈ মুখ্য নিৰ্বাচন আয়ুক্তৰ ইস্তফাৰ দাবীত দলটোৱে যোৱা বৃহস্পতিবাৰে ৪৮ ঘণ্টাৰ এক সময়সীমা বান্ধি দিছিল।

বৰ্তমান নিৰ্বাচন আয়োগৰ কাৰ্যপ্ৰণালীক লৈ সৃষ্টি হোৱা এই বিতৰ্কই ৰাজনৈতিক প্ৰেক্ষাপটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চিজেপিৰ এই প্ৰস্তাৱিত আন্দোলন আৰু সোণম ৱাংচুকৰ সমৰ্থনে সমগ্ৰ বিষয়টোক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। অহা ২ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিবাদী কাৰ্যসূচীয়ে পৰৱৰ্তী সময়ত কেনে ৰূপ ধাৰণ কৰে আৰু চৰকাৰ তথা নিৰ্বাচন আয়োগে ইয়াৰ সঁহাৰি কেনেদৰে দিয়ে, সেয়া লক্ষণীয়  হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm
ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

September 27, 2026 4:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd