NORTHEAST NOW (Assamese)

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm · এন ই নাও নিউজ, গুৱাহাটী

নিট বিতৰ্কক লৈ এফালে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত চলি আছে পানী নোখোৱাকৈ আমৰণ অনশন, আনফালে ঠিক তাৰ কাষতে বহি আৰামত খোৱা হৈছে ব্ৰেড পকোৰা আৰু নুডলছ! দিল্লীৰ তীব্ৰ গৰমত যেতিয়া পৰীক্ষা দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ হৈ উঠিছে, ঠিক সেই সময়তে সমাজকৰ্মী সোনম ৱাংচুকৰ অনশন মঞ্চৰ এটি খোৱা-বোৱাৰ ভিডিঅ‘ই ইণ্টাৰনেটত খলকনি তুলিছে। ইয়াৰ পিছতেই আৰম্ভ হৈছে তীব্ৰ সমালোচনা আৰু ট্ৰোলিং।

 পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত যন্তৰ মন্তৰত আন্দোলন চলাই আছে ককৰোচ জনতা পাৰ্টিয়ে। যোৱা মে‘ মাহত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মন্তব্যক কেন্দ্ৰ কৰি আৰম্ভ হোৱা এই ব্যংগাত্মক অনলাইন আন্দোলনটো এতিয়া ৰাজপথলৈ আহিছে। তেওঁলোকৰ এই আন্দোলনলৈ সমৰ্থন জনাই আমৰণ অনশনত বহিছে লাডাখৰ বিশিষ্ট পৰিৱেশবিদ তথা শিক্ষাবিদ সোনম ৱাংচুক। বুধবাৰে তেওঁৰ এই কঠোৰ অনশন ১১ দিনত ভৰি দিছে। চিকিৎসকৰ ৰিপোৰ্ট অনুসৰি, যোৱা ১১ দিনত ৱাংচুকৰ ৭ কেজিতকৈয়ো অধিক ওজন কমিছে আৰু বৰ্তমান তেওঁৰ ওজন ৫৯.৪০ কেজি হৈছেগৈ। ৰক্তচাপ আৰু চুগাৰ কমি গ‘লেও তেওঁ মানসিকভাৱে অতি দৃঢ় হৈ আছে।

 এই চৰম পৰিস্থিতিৰ মাজতেই বিতৰ্কৰ কেন্দ্ৰবিন্দুলৈ আহি পৰিছে ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা একাধিক ভিডিঅ‘ত দেখা গৈছে যে ৱাংচুকে যেতিয়া অনশন কৰি আছে, তেতিয়া অভিজিতে তেওঁৰ কাষতে বহি ব্ৰেড পকোৰা, নুডলছ বা কচুৰি খাই আছে। একাংশ নেটিজেনে কটাক্ষ কৰি প্ৰশ্ন তুলিছে যে ৱাংচুকে কষ্ট কৰি অনশন কৰাৰ সময়ত আন্দোলনৰ মূল নেতাসকলে কিয় মঞ্চত বহি ভোজ খাই আছে?

বিতৰ্ক বৃদ্ধি পোৱাৰ লগে লগে মুখ খুলিছে অভিজিৎ দিপকেই। সৰ্বভাৰতীয় সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ দাবী কৰে যে সমগ্ৰ বিষয়টো মূল ইছ্যুৰ পৰা দৃষ্টি আঁতৰোৱাৰ এক অযথা চেষ্টা মাত্ৰ। তেওঁ জনায় যে ভাইৰেল হোৱা ভিডিঅ‘টো সোনম ৱাংচুকে অনশনত বহাৰ আগৰ। সেই সময়ত ৱাংচুক এখন জলবায়ু সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইউৰোপত আছিল, সেয়েহে সেই ভিডিঅ’টোৰ সৈতে বৰ্তমানৰ অনশনৰ কোনো সম্পৰ্ক নাই।

 অভিজিৎ দিপকেৰ যুক্তি অনুসৰি, সোনম ৱাংচুকৰ নিজৰ পৰামৰ্শ মতেই দলৰ মূল কমিটিখন অনশনৰ পৰা আঁতৰত আছে। কাৰণ সকলোৱে অনশন কৰিলে হাজাৰ হাজাৰ আন্দোলনকাৰীক চম্ভালিবলৈ বা আৰক্ষীৰ সৈতে কথা পাতিবলৈ কোনো নাথাকিব। ইয়াৰ উপৰিও তেওঁ নিজৰ মাইগ্ৰেনৰ সমস্যাৰ কথাও উল্লেখ কৰে। ৱাংচুকৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে চিন্তিত হৈ অভিজিতে তেওঁক অনশন ভংগ কৰিবলৈ অনুৰোধ কৰিছিল যদিও ৱাংচুকে সেয়া নাকচ কৰে।

ইফালে আম আদমী পাৰ্টি, তৃণমূল কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহৰ লগতে সংযুক্ত কিষাণ মৰ্চায়ো এই আন্দোলনলৈ সমৰ্থন আগবঢ়াইছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ সমান্তৰালভাৱে বিতৰ্কিত নেচনেল টেষ্টিং এজেন্সী (এন টি এ) বাতিলৰ দাবীও তীব্ৰতৰ হৈছে। ইমান বিতৰ্কৰ মাজতো আন্দোলনকাৰীসকলে স্পষ্টভাৱে জনাই দিছে যে শিক্ষামন্ত্ৰীক অপসাৰণ নকৰা পৰ্যন্ত তেওঁলোকে যন্তৰ মন্তৰ এৰি নাযায়।

Related News