• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সোণাপুৰত গণ সমাৱেশ! ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনজাতীয় লোকসকলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2025 9:22 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ চৰকাৰী প্ৰচেষ্টাৰ বিৰোধিতাৰে সোমবাৰে সোণাপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক জনজাতীয় লোকে। সদৌ অসম ট্ৰাইবেল সংঘৰ (All Assam Tribal Sangha – AATS) উদ্যোগত সোণাপুৰৰ ক্ষুদ্ৰ খেলপথাৰত অনুষ্ঠিত এই বিশাল গণ সমাৱেশত ১৪ টা জনজাতীয় সংগঠনে অংশগ্ৰহণ কৰি স্পষ্ট কৰি দিয়ে যে তেওঁলোকে কোনো কাৰণতে এই জনজাতিকৰণ মানি নলয়।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ সময়তে বৰ্তমান অনুসূচিত জনজাতিৰ মৰ্যাদা থকা লোকসকল এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰিছে।

Apply Now

বৰ্তমানে অনুসূচিত জনজাতিৰ মৰ্যাদা থকা এই ১৪ টা জনজাতিৰ লোকসকলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে যে, ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে পূৰ্বৰ জনজাতিসমূহৰ ভাষা, সংস্কৃতি, আৰু ঐতিহ্যৰ অস্তিত্ব বিপদাপন্ন হ‘ব পাৰে। ১৪ টা জনগোষ্ঠীৰ সংগঠনৰ নেতৃত্বই সকীয়াই দিছে যে এনে কাৰ্য কোনোপধ্যেই হ‘বলৈ দিয়া নহ‘ব।

প্ৰতিবাদকাৰীসকলে চৰকাৰক কঠোৰভাৱে সকীয়াই দিয়ে যে আগন্তুক ২৫ নৱেম্বৰৰ ভিতৰত যদি ৰাজ্যিক কেবিনেটে এই ক্ষেত্ৰত কোনো যোগাত্মক সিদ্ধান্ত গ্ৰহণ নকৰে, তেন্তে তেওঁলোকৰ আন্দোলন অধিক ক্ষীপ্ৰ আৰু ভয়ংকৰ হৈ উঠিব।

এই প্ৰতিবাদৰ পূৰ্বে জনগোষ্ঠীয় সংগঠনৰ প্ৰয়াত নেতাসকলৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। সমাৱেশত বড়ো, কাৰ্বি, তিৱা নৃত্য প্ৰদৰ্শন কৰাৰ লগতে তেওঁলোকৰ জনগোষ্ঠীয় গীত পৰিৱেশন কৰা হয়।

উল্লেখ্য যে, অসমৰ ছটা জনগোষ্ঠী—টাই-আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, আৰু চাহ জনগোষ্ঠী—য়ে দীৰ্ঘদিনৰ পৰা জনজাতিকৰণৰ দাবী উত্থাপন কৰি চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই দাবীত পুনৰ সৰৱ হৈ পৰিছে ছয় জনগোষ্ঠী।

ইফালে, শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে যে মৰাণ, মটক, আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বিশেষ সমস্যা নাই। তেওঁ সদৰী কৰিছিল যে এই তিনিটাৰ ক্ষেত্ৰত ট্ৰাইবেল সংঘৰ স্থিতি সহনশীল। মুখ্যমন্ত্ৰীয়ে লগতে জনাইছিল যে মন্ত্ৰী গোটে ২৫ নৱেম্বৰত বিধানসভাত এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব। বৰ্তমানৰ জনজাতীয় লোক আৰু ছয় জনগোষ্ঠীৰ দাবীৰ এই সংঘাতে আগন্তুক দিনবোৰত ৰাজ্যৰ ৰাজনীতিত কি নতুন  পাক লয়, সেয়া লক্ষ্যণীয় হ‘ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd