বিধেয়কৰ প্ৰতিবাদত শোণিতপুৰৰ ২৬ টা চহিদ পৰিয়ালে ঘূৰাই দিলে স্মাৰক

চহিদ (শ্বহীদ অৰ্থই বুজোৱা আমাৰ প্ৰতিষ্ঠান-গৃ্হীত বানান)ৰ কেঁচা তেজৰ মূল্য দিব নোৱাৰা সোণোৱাল চৰকাৰৰ দিনতে শোণিতপুৰৰ ২৬ টা চহিদ পৰিয়ালেও ৬ জানুৱাৰিত ৰাজ্য চৰকাৰে প্ৰদান কৰা চহিদৰ স্মাৰক চৰকাৰক ঘূৰাই দিলে।

শোণিতপুৰৰ ২৬ টা চহিদ পৰিয়ালে চহিদৰ স্মাৰক সমূহ ঘূৰাই দি কয় যে ‘শত্ৰুৱে আঘাত দিলে আচৰিত হ’বলগীয়া নাথাকে, কিন্তু আপোনজনে বুকুত কামোৰ মাৰিলে সেয়া কেতিয়াও পাহৰিব নোৱাৰি। ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অসম আন্দোলনৰ শ্বহীদ পৰিয়ালৰ প্ৰতি তেনে আচৰণেই কৰিছে। শ্বহীদ পৰিয়ালৰ অভিশাপ কিন্তু সৰু কথা নহয়।’

কালি দিনৰ প্ৰায় ১১.৩০ বজাৰ পৰা খোল-তাল বজাই তেজপুৰৰ অসমীয়া ক্লাবৰ পৰা অসম আন্দোলনৰ শ্বহীদ পৰিয়ালৰ সদস্যসকলে সমদল কৰি আহি শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত কে কে শৰ্মাক স্মাৰক সমূহ অৰ্পণ কৰে।

শ্বহীদ জয়ৰাম বৰুৱা, গুণ শইকীয়া, কনক চন্দ্ৰ নাথ, নিধিৰাম নাথ, পুনেশ্বৰ নাথকে ধৰি ২৬ টা শ্বহীদৰ পৰিয়ালে ২০১৬ৰ ১০ ডিচেম্বৰত ৰাজ্য চৰকাৰে প্ৰদান কৰা স্মাৰক সমূহ ঘূৰাই দি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰিবলৈ চেষ্টা চলোৱা সোণোৱাল চৰকাৰে অসম আন্দোলনৰ শ্বহীদ সকলক পুনৰ এবাৰ হত্যা কৰিলে।