• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভোজন বিলাসত কৃপণালী নকৰে অভিনেতা চনু সুদে: খাদ্যৰ জুতিয়ে আকৰ্ষিত কৰিব আপোনাকো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2022 11:38 am
Sonu Sood
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউদৰ জনপ্ৰিয় অভিনেতা চনু সুদৰ প্ৰতি কোনোৱে অনুৰাগ অনুভৱ নকৰাকৈ থাকিব পাৰিব, সেয়া এই সময়ত প্ৰায় ভাবিব নোৱাৰা কথা। নিজৰ সুন্দৰ-সুঠাম শৰীৰৰ বাবে অনুৰাগীৰ মনত বিশেষ স্থান দখল কৰি আহিছে অভিনেতা গৰাকীয়ে।

শেহতীয়াকৈ চনু সুদে মানৱীয় কাম-কাজৰ যোগেদি সমগ্ৰ অনুৰাগীৰ হৃদয়ত দখল কৰিছে এক বিশেষ স্থান। বিশেষকৈ কৰ’ণাকালীন লকডাউনৰ সময়ত বনুৱা-শ্ৰমিকসকলৰ বাবে অভিনেতাগৰাকীয়ে যি মানৱ প্ৰেমৰ প্ৰশংসিত নিদৰ্শন দাঙি ধৰিছিল, তাৰ পিছৰ পৰাই সুদৰ জনপ্ৰিয়তা পূৰ্বতকৈ বহুগুণে বৃদ্ধি পায়।

Apply Now

সদা স্বাস্থ্য সচেতন চনু সুদে নিজৰ সুন্দৰ-সুঠাম পেশীবহুল স্বাস্থ্য অটুট ৰখাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰে আৰু এই ক্ষেত্ৰত তেওঁ সফলতাও লাভ কৰিছে। তেওঁৰ এই আকৰ্ষণীয় স্বাস্থ্যৰ প্ৰতি আকৰ্ষিত হয় প্ৰতিজন অনুৰাগী।

এই স্বাস্থ্য সচতনতাৰ সমসাময়িকভাৱে কিন্তু চনু সুদ ভীষণ জোজন বিলাসীও। নিত্য নতুন খাদ্য গ্ৰহণৰ ক্ষেত্ৰত অভিনেতা গৰাকীয়ে কোনো ধৰণৰ কৃপণালী নকৰে। পৰিয়ালৰ সৈতে গ্ৰহণ কৰা বিভিন্ন খাদ্য সম্ভাৰৰ দৃশ্যৰাজি সময়ে সময়ে সামাজিক মাধ্যম যোগে প্ৰচাৰ কৰে সুদে।

স্বাস্থ্যকৰ আহাৰ গ্ৰহণত সদা সষ্টম চনু সুদে ইনষ্টাগ্ৰাম ষ্ট’ৰীজত তেওঁৰ গ্ৰহণ কৰা আহাৰ আকৰ্ষণীয় ৰূপত সজাই তোলা দেখিবলৈ পোৱা গৈছে। ফটোখনৰ সৈতে সুদে লিখিছে, “স্বাস্থ্যকৰ আহাৰ খাওক।”

চনু সুদে বিভিন্ন খাদ্য সামগ্ৰী, বিশেষকৈ দেশীয় সুস্বাদু খাদ্য গ্ৰহণত অধিক গুৰুত্ব দিয়ে। কেৱল ভোজন বিলাসীয়েই নহয়, ৰান্ধনী হিচাপেও অভিনেতা গৰাকীয়ে প্ৰদৰ্শন কৰিছে পাৰদৰ্শিতা। প্ৰায়ে ইনষ্টাগ্ৰামত খাদ্য ৰন্ধনৰ ভিডিঅ’ শ্বেয়াৰ কৰে সুদে।

কিছুদিন পূৰ্বে তেওঁ “চনু দা ধাবা” শীৰ্ষক এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ভিডিঅ’টোত তেওঁ বিভিন্ন খাদ্য সম্ভাৰৰ বিষয়ে উল্লেখ কৰিছিল। তেওঁ লাচ্ছা পৰঠা, বাটাৰ নান, মিচি ৰুটি, চীজ লাচ্ছা পৰঠা, প্লেইন নান আৰু প্লেইন ৰুটিকে ধৰি বিভিন্ন আকৰ্ষণীয় খাদ্য সম্ভাৰৰ বিষয়ে ভিডিঅ’টোত উল্লেখ কৰিছিল।

 

View this post on Instagram

 

A post shared by Sonu Sood (@sonu_sood)

আন এবাৰ চনু সুদে জনপ্ৰিয় মহাৰাষ্ট্ৰীয় ব্যঞ্জন মিছাল পাভ প্ৰস্তুত কৰিছিল। এই ভিডিঅ’টোত তেওঁ এই ব্যঞ্জনবিধৰ প্ৰতি থকা তেওঁৰ আকৰ্ষণ ব্যক্ত কৰিছিল। লগতে তেওঁ উৎকৃষ্ট মানৰ মিছাল পাভ পোৱা ফিল্মিস্তান কেণ্টিন নামৰ এখন ৰেষ্টুৰেন্টৰ নামো উল্লেখ কৰিছিল।

অনুৰাগী সকলক এই ৰেষ্টুৰেন্টৰ মিছাল পাভৰ সোৱাদ ল’বলৈও তেওঁ পৰামৰ্শ দিছিল। অভিনেতাগৰাকীক ইনষ্টাগ্ৰাম ষ্ট’ৰীত নিজ হাতে মিছাল পাভ বনোৱাও দেখিবলৈ পোৱা গৈছিল। ভিডিঅ’টোত তেওঁ লিখিছিল, “নিজে ৰান্ধক আৰু নিজেই খাওক।”

 

 

View this post on Instagram

 

A post shared by Sonu Sood (@sonu_sood)

অভিনেতাগৰাকীৰ গৰাকীৰ স্বাস্থ্যৱান শৰীৰ, মানৱীয় কাম-কাজৰ সমানে এতিয়া এই ভোজন বিলাসো অনুৰাগীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd