• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন ৰূপত চনু চুড: অক্সিজেন বিচাৰি হাহাকাৰ কৰি থকা আৰ্তজনৰ বাবে স্থাপন কৰিলে অক্সিজেন প্ৰকল্প

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2021 5:44 pm
sonu
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংকটকালত দেশৰ জনতাৰ ওচৰত দেৱদূতৰ দৰে থিয় দিয়া বলীউডৰ অভিনেতা চনু চুডৰ বদন্যতাৰ কথা কৈ থাকিলেও যেন ওৰকে নপৰে।চনু চুডে মানুহক কৰি অহা সহায়ৰ কাহিনীসমূহ ৰবপকথাৰ কাহিনী যেনহে লাগে।

লকডাউনৰ সময়ৰে পৰা আৰম্ভ কৰি চনু চুডে আজিলৈকে নিজৰ গাঁঠিৰ ধন ভাঙি আৰ্তজনক সহায় কৰি আহিছে। ক’ৰ’নাই ত্ৰাসৰ সৃষ্টি কৰা দেশৰ বিভিন্ন ৰাজ্যত কেৱল অক্সিজেনৰ অভাৱতে বহু ৰোগী আৰু চিকিৎসকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

Apply Now

এনে পৰিস্থিতিত অভিনেতা চনু চুডে আৰ্তজনৰ সহায়ৰ বাবে স্থাপন কৰিছে দুটা বৃহৎ অক্সিজেন প্ৰকল্প।অন্ধ্ৰপ্ৰদেশৰ কুৰ্নলৰ জিলা চিকিৎসালয়ত চনু চুডে সম্পূৰ্ণ নিজা খৰচত স্থাপন কৰিছে এই অক্সিজেন প্ৰকল্পটো।টুইটাৰত অভিনেতাগৰাকীয়ে লগতে এই বুলিও কৈছে যে দেশৰ ভিতৰুৱা গাঁও অঞ্চলতো তেওঁ শীঘ্ৰে এনে অক্সিজেন প্ৰকল্প স্থাপন কৰিব।

উল্লেখ্য লকডাউনৰ সময়ত দুখীয়া লোকসকলক সহায় কৰি দেশবাসীৰ প্ৰশংসাৰ পাত্ৰ হোৱা বলীউদ অভিনেতা চনু চুডৰ ভাল কামৰ তালিকাখন দীঘলীয়া হৈ গৈয়ে আছে।

ক’ৰ’না কালত, যিসকল দুৰ্ভগীয়া লোকে সামাজিক মাধ্যমৰ যোগেদি সহায় বিচাৰিছিল সেই লোকসকলক অন্তৰ খুলি সহায় কৰিছিল চনু চুডে।
এতিয়াও অভিনেতাজনে দেশৰ বিভিন্ন প্ৰান্তৰ লোকক পাৰ্যমানে সহায় আগবঢ়াই আছে।
ছ’চিয়েল মিডিয়াত সদায় সক্ৰিয় হৈ থকা চনুৱে শেহতীয়াকৈ এটা টুইট কৰি উত্তৰ প্ৰদেশৰ এগৰাকী ছোৱালীৰ কাহিনী শ্বেয়াৰ কৰি কৈছিল যে তেওঁৰ সহায়ৰ বাবে কিদৰে ছোৱালীজনীৰ সমস্ত জীৱন সলনি হৈ গ’ল।
চনু চুদৰ কাৰণেই আজি সেই ছোৱালীজনীয়ে নিজৰ ভৰিত থিয় হ’বলৈ সক্ষম হৈছে।
দৰাচলতে, উত্তৰ প্ৰদেশৰ এজন ব্যক্তিয়ে চনুক টেগ কৰি লিখিছিল, ‘চনু চুড আপুনি আপুনি প্ৰতিভাৰ চিকিৎসা কৰি ইতিহাস ৰচিছে। উত্তৰ প্ৰদেশ সদায় আপোনাৰ ঋণী হৈ থাকিব। সমগ্ৰ ভাৰতৰ ভুক্ত ভোগী সকলৰ কণ্ঠ হৈ পৰিছে চনু চুড, কোটি কোটি প্ৰণাম’।

উল্লেখ্য যে অভিনেতা চনুৱে এগৰাকী বিকলাংগ ছোৱালীক সহায় কৰিছিল যাৰ শৰীৰৰ আধা অংশই কাম কৰা নাছিল আৰু তেওঁ বিচনাত শুই আছিল।
এই কথা জানিব পাৰি চনুৱে ছোৱালীজনীক সহায় কৰিছিল আৰু তেওঁৰ চিকিৎসাৰ সম্পূৰ্ণ ব্যয় বহন কৰিছিল।
কিছুদিন পূৰ্বে তেওঁ টুইটাৰত লিখিছিল- “মাজৰাতি যেতিয়া অসংখ্য ফোন কৰি আক্ৰান্ত লোকসকলৰ বাবে প্ৰয়োজনীয় বিচনাৰ ব্যৱস্থা কৰা হয়, অক্সিজেন যোগান ধৰা হয়, মই শপত লৈ কৈছো যে ১০০ কোটিৰ ছবিত  অংশ লোৱাতকৈ এয়া লক্ষ গুণ বেছি সন্তোষজনক। যেতিয়া হস্পিতালৰ বাহিৰত মানুহে এখন বিচনাৰ বাবে অপেক্ষাত অধীৰ হৈ ৰৈছে, তেতিয়া কি আমি শুব পাৰো নেকি?”
উল্লেখযোগ্য যে যোৱা বৰ্ষতো কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা লকডাউনৰ সময়ত অভিনেতাজন সাংঘাটিকভাৱে চৰ্চিত হৈ পৰিছিল।

ইয়াৰ কাৰণ আছিল লকডাউনত সৰ্বস্বান্ত হোৱা প্ৰব্ৰজিত শ্ৰমিকসকলক নিজ নিজ গৃহ ৰাজ্যলৈ ওভতাই পঠিয়াবলৈ অভিনেতাজনে যাতায়াতৰ সুবিধা কৰি দিছিল।

তদুপৰি বহুতো শ্ৰমিকক বিকল্প জীৱিকাৰ ক্ষেত্ৰতো তেওঁ সহায় কৰিছিল।
অভিনেতাজনৰ এই ব্যতিক্ৰমী কৰ্মৰাজিয়ে দেশবাসীৰ ভূয়সী প্ৰশংসা লাভ কৰিছে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd