আৰৱত ভয়াৱহ অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে নৱ পৰিণীতা মহিলাসহ দুই ভাৰতীয়ই

Sharjah building fire

সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ত যোৱা বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড।  শ্বাৰজাহৰ আল নাহদা অঞ্চলৰ এটা ৯ মহলীয়া আৱাসিক অট্টালিকাত সংঘটিত এই অগ্নিকাণ্ডত মৃত্যু হয় পাঁচজন লোকৰ।

লগতে অট্টালিকাটোৰ ৪৪ জন লোক এই অগ্নিকাণ্ডত আহত হয়। অগ্নিকাণ্ডত নিহতসকলৰ ভিতৰত দুজন ভাৰতীয় বাসিন্দাও আছে বুলি শেহতীয়াকৈ পোহৰলৈ আহিছে। নিহত দুয়োগৰাকীৰে পৰিচয় পৰিয়ালে নিশ্চিত কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি, অগ্নিকাণ্ডত নিহত এগৰাকী ভাৰতীয় ব্যক্তিক মাইকেল সত্যদাস বুলি চিনাক্ত কৰা হৈছে। সত্যদাসে ডুবাই ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ (ডি ডব্লিউ টি চি)ৰ ডি এক্স বি লাইভত শব্দ অভিযন্তা হিচাপে কাম কৰিছিল।

নিহত সত্যদাসে ব্ৰুনো মাৰ্ছ আৰু এ আৰ ৰহমানৰ দৰে শিল্পীৰ সৈতে কনচাৰ্টত কাম কৰিছিল বুলি তেওঁৰ ভাতৃয়ে প্ৰকাশ কৰিছে। আনহাতে মুম্বাইৰ এগৰাকী ২৯ বৰ্ষীয় মহিলা এই অগ্নিকাণ্ডত নিহত হৈছে।

মহিলাগৰাকী যোৱা ফেব্ৰুৱাৰী মাহত বিবাহপাশত আবদ্ধ হৈছিল বুলি পৰিয়ালে সদৰী কৰিছে। বিয়াৰ পিছত মহিলাগৰাকী তেওঁ সংগীৰ সৈতে একেলগে অগ্নিকাণ্ড সংঘটিত হোৱা আল নাহদাৰ অট্টালিকাটোত বাস কৰিছিল।  

তেওঁৰ সংগীও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি পৰিয়ালে জানিবলৈ দিছে। ভাৰতীয় দূতাবাসে এই ঘটনাত শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জনায় আৰু সকলো সাহায্য আগবঢ়োৱাৰ নিশ্চিতি প্ৰদান কৰে।