ছন্দপতন! ছেমিফাইনেলত স্বপ্নভংগ আফগানিস্তানৰ, প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা

এক অভাৱনীয় অভিযানেৰে টী-২০ বিশ্বকাপত চমক দিছিল আফগানিস্তানে। ছেমি ফাইনেলত সেই চমক বুমেৰাং হৈ পৰিল। দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হৈ বিশ্বকাপৰ ছেমি ফাইনেলৰ পৰা বিদায় ল’লে ৰছিদ খানৰ দলটোৱে।পৰাজয়ো একপক্ষীয়ভাৱে ৯ উইকেটত। বিশ্বকাপৰ ফাইনেলত এই প্ৰথমবাৰৰ বাবে খেলিব দক্ষিণ আফ্ৰিকাই।

আইচিচি টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ পিছতো বেটছমেনসকলে আৰম্ভণিৰে পৰাই আফগানিস্তানক অস্বস্তি দিছে। অ’পেনাৰ দুজনৰ বাহিৰে কোনো মিডল অৰ্ডাৰ বেটছমেনে সমগ্ৰ প্ৰতিযোগিতাখনত দৃষ্টি আকৰ্ষণ কৰিব পৰা নাছিল। ছেমি ফাইনেলত ট্ৰিনিদাদৰ ছুইং ছাপৰ্টিং পিটছত দুটা অ’পেনাৰ বিফল হোৱাৰ লগে লগে আফগান বেটিং বিভাগ তাচ পাতৰ ঘৰৰ দৰে খহি পৰিল।

ছেমি ফাইনেলৰ দৰে মেগা মেচত গুৰবাজৰ আফগানিস্তানে মাত্ৰ ৫৬ ৰান সংগ্ৰহ কৰি অল আউট হয়। হয় খেলপথাৰত ছুইং আছিল, কিছুমান অপ্ৰত্যাশিত বাউন্সো আছিল। কিন্তু ৫৬ ৰাণত অল আউট হোৱাৰ কোনো অজুহাত নাছিল।

ফটোঃ সংগ্ৰহীত।

সমগ্ৰ আফগান বেটিং বিভাগত মাত্ৰ এটাই দুটা সংখ্যাৰ ৰান লাভ কৰিছে। তেওঁ হৈছে আজমাতুল্লাহ ওমৰজাই। তেওঁৰ সংগ্ৰহ ১০ ৰাণ। বাকী কোনেও দহৰ সীমা অতিক্ৰম কৰা নাই। দক্ষিণ আফ্ৰিকাৰ হৈ ছামচি (৩-৬), জান্সেন (৩-১৬), ৰাবাডা (২-১৪), নাখিয়াৰা (২-৭)-ই ত্ৰুটিহীনভাৱে বলিং কৰে।

লক্ষ্য আছিল মাত্ৰ ৫৭ ৰান। বুজাই গৈছিল যে দক্ষিণ আফ্ৰিকাই বিশেষ খৰধৰ কৰাৰ দৰকাৰ নহয়। অৱশ্যে প্ৰথম তিনিটা অভাৰত বলিঙত দুৰ্দান্ত হৈ উঠিছিল ফাৰুকী আৰু নবীন উল হক। ফাৰুকিয়ে ডি’ক’ৰ উইকেট দখল কৰে। কিন্তু মাত্ৰ ৫৬ ৰানৰ মূলধন লৈ অন্ততঃ ছেমি ফাইনেলত প্ৰতিপক্ষক প্ৰত্যাহ্বান জনাব নোৱাৰি। আফগানসকলেও নোৱাৰিলে।

ফটোঃ সংগ্ৰহীত।

দক্ষিণ আফ্ৰিকাই মাত্ৰ ৮ অভাৰ আৰু ৫টা বলত ১টা উইকেট হেৰুৱাই নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হয়। ৰেজা হেণ্ড্ৰিক্সে ২৯ ৰান আৰু আইডেন মাৰ্কৰামে ২৩ ৰান সংগ্ৰহ কৰে।

টী-২০ বিশ্বকাপৰ ফাইনেলত আফগানিস্তানক অনায়াসে পৰাস্ত কৰিলে দক্ষিণ আফ্ৰিকাই। বিশ্ব ক্ৰিকেটত ‘চোকাৰ্ছ’ হিচাপে পৰিচিত দলটোৱে প্ৰথমবাৰৰ বাবে কোনো বৃহৎ প্ৰতিযোগিতাৰ ফাইনেল খেলিব। ইয়াৰ পূৰ্বে টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলৰ পৰা দক্ষিণ আফ্ৰিকাই দুবাৰকৈ বিদায় লব লগা হৈছিল।

ফটোঃ সংগ্ৰহীত।

অৱশ্যে আফগানিস্তানে হয়তো তেওঁলোকে ফাইনেল খেলিব নোৱাৰিলে। কিন্তু ৰছিদ খানৰ দলটোৱে যিদৰে অজেয় যুঁজ দি শেষ চাৰিটা স্থানত উপনীত হ’ল, সেয়া বিশ্ব ক্ৰিকেটৰ ইতিহাসত সোণালী আখৰেৰে লিখা ৰ’ব। বিশ্বকাপ জয়ৰ সপোনটো আধৰুৱা হৈ থাকিলেও যুদ্ধবিধ্বস্ত দেশ এখনে বিশ্ব মঞ্চত নিজকে যিদৰে বিচাৰি পালে, সেইটোৱে আৰু বহুতকে সপোন দেখিবলৈ শিকাব।

ফটোঃ সংগ্ৰহীত।

সংক্ষিপ্ত স্কোৰঃ

আফগানিস্তানঃ ৫৬ (আজমাতুল্লাহ ১০, জান্সেন ৩-১৬, চামছি ৩-৬)

দক্ষিণ আফ্ৰিকা: ৬০-১ (হেণ্ড্ৰিক্স ২৯, মাৰ্কৰাম ২৩, ফাৰুকি ১-১১)

দক্ষিণ আফ্ৰিকাই ৯ উইকেটত জয়লাভ কৰে।