জুম মিটিঙত ঘটিল অথন্তৰ। এগৰাকী ৰাজনৈতিক নেতাই সংসদৰ এখন জুম মিটিঙত ব্যস্ত থাকোতে হঠাতে কেমেৰাৰ সম্মুখত ধৰা দিলে বিবস্ত্ৰা পত্নীয়ে।
এই দুৰ্ভাগ্যজনক ঘটনাটো ঘটিছে দক্ষিণ আফ্ৰিকাত। দক্ষিণ আফ্ৰিকাৰ নেশ্যনেল হাউছ অৱ ট্ৰেডিশ্যনেলৰ নেতা জুলিলে এনডেভ’ৱে কোভিড১৯ৰ মৃত্যু সম্পৰ্কীয় সংসদৰ এখন জুম ভিডিঅ’ মিটিঙত ব্যস্ত থকাৰ সময়তে এই দুর্ভাগ্যজনক ঘটনাটো ঘটে।
যোৱা ৩০ মাৰ্চৰ উক্ত জুম ভিডিঅ’ মিটিঙত সংসদৰ ২৩ নেতাই অংশগ্ৰহণ কৰিছিল।
মিটিঙখন চলি থকাৰ সময়তে এনডেভ’ৰ পত্নীয়ে নগ্নাৱাস্থাৰে হঠাতে খোজকাঢ়ি কেমেৰাৰ সন্মুখলৈ আহি জুম ভিডিঅ’ মিটিঙখনৰ স্ক্ৰীণত বিবস্ত্ৰাৰূপে ধৰা দিয়ে।
দুর্ভাগজনক ঘটনাটোত জুম ভিডিঅ’ মিটিঙত অংশগ্ৰহণ কৰা কিছুৱে হাস্যৰসৰ যোগান পালেও কিছুসংখ্যকে বিব্ৰতবোধ কৰে আৰু কমিটিৰ অধ্যক্ষ ফেইথ মুথাম্বীয়ে লগে লগে মিটিঙখন বন্ধ কৰি দিয়ে।
ইফালে এনডভ’ৱেও এনে অনাহূত পৰিস্থিতিৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰে।
উল্লেখ্য যে জুম ভিডিঅ’ মিটিঙত এনেধৰণৰ ঘটনা এইটোৱে প্ৰথম নহয়।
ইয়াৰ পূৰ্বে ২০২০ৰ ডিচেম্বৰত লিথুনিয়ান সোঁপন্থী ৰাজনৈতিক নেতা পেট্ৰাছ গ্ৰেজুলিছে জুম ভিডিঅ’ মিটিঙত অংশগ্ৰহণ কৰি থকাৰ সময়তো তদ্ৰূপ ঘটনা সংঘটিত হৈছিল।