ওজন ১৪০ কিলোগ্ৰাম, মদ আৰু ধূমপানত ডুবি অনিদ্ৰাৰ বলি! কি হৈছে কিমৰ?

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী নেতা কিম জং উন। ফটো সৌজন্য: ইউটিউব।

তেওঁৰ ওজন ১৪০ কিলোগ্ৰাম। আকণ্ঠ মদ আৰু ধূমপানত নিমজ্জিত। হৈছে অনিদ্ৰাৰ বলি। তেওঁ এগৰাকী ৰাষ্ট্ৰ নেতা। সকলোৰে অতি চিনাকি মুখ। নাম তেওঁৰ কিম জং উন। ১৬ মে’ত শেষবাৰৰ বাবে ৰাজহুৱাভাৱে দেখা দিছিল তেওঁ। তেতিয়াই তেওঁৰ চকুৰ তলত ক’লা দাগ দেখা গ’ল।

ৰাষ্ট্ৰনেতা গৰাকী যেনেকৈ ভালে থকা নাই, তেনেদৰে তেওঁৰ ৰাষ্ট্ৰৰো অৱস্থা ভাল নহয়। উত্তৰ কোৰিয়াৰ সামগ্ৰিক পৰিস্থিতিৰ অৱনতি ঘটিছে। দেশত খাদ্য শস্যৰ নাটনি। চৰম মুদ্ৰাস্ফীতি ঘটিছে। খাদ্যৰ অভাৱত মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে।

শেহতীয়াকৈ উত্তৰ কোৰিয়াৰ শাসক কিম জং উন অনিদ্ৰাত ভুগি থকা বুলি জানিব পৰা গৈছে। কোৱা হৈছে যে একনায়কত্ববাদী নেতাৰ মদ আৰু নিকোটিনৰ ওপৰত নিৰ্ভৰশীলতাই অতি বেয়া পৰ্যায়ত উপনীত হৈছে।

লগতে পঢ়ক: দশম শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা বাদ পৰিল ‘পিৰিয়ডিক টেবুল’,‘গণতন্ত্ৰৰ অধ্যায়: বিতৰ্কত NCERT

শেহতীয়াকৈ ব্লুমবাৰ্গত এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ পাইছে। তাত দক্ষিণ কোৰিয়াৰ এটা চোৰাংচোৱা সংস্থাই কিমৰ ব্যক্তিগত বিষয়ৰ এই সকলো তথ্য দিয়া বুলি দাবী কৰে।

চোৰাংচোৱা সেৱাৰ প্ৰতিবেদন অনুসৰি উত্তৰ কোৰিয়াৰ প্ৰশাসন অনিদ্ৰা সম্পৰ্কীয় তথ্য সংগ্ৰহৰ বাবে অতি আগ্ৰহী। আনকি অনিদ্ৰা ৰোগৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ ব্যৱহাৰ সম্পৰ্কেও বিতং তথ্য সংগ্ৰহ কৰি আছে।

অৱশ্যে এইটো কিমান বিশ্বাসযোগ্য সেই কথাত বহুতে বিভ্ৰান্ত হৈ পৰিছে। কাৰণ এই ৰোগবোৰ বৰ জটিল নহয়,  এই বিষয়ে তথ্যও বৰ অসামঞ্জস্যপূৰ্ণ নহয়।

লগতে পঢ়ক: জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই আৰক্ষীৰ অপৰাধীকৰণৰ ছবিখন স্পষ্ট কৰিলে: ডি ৱাই এফ আই

তদুপৰি, কিমৰ দৰে ৰাষ্ট্ৰনেতা যদি এনে ৰোগত আক্ৰান্ত হয়, তেন্তে তেওঁৰ নিৰাময়ৰ বাবে মুকলিকৈ এনেদৰে তথ্য সন্ধান কৰা হ’বনে?