• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মূলসুঁতিৰ ভাৰতীয় নেতাৰ জ্ঞানৰ নমুনা: সজাগতা সৃষ্টিকাৰী মণিপুৰী যুৱতীক সজালে বিদেশী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2022 7:10 pm
SP leader call Manipur girl foreigner
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূবাঞ্লৰ বাসিন্দাসকলৰ প্ৰতি মূলসুঁতিৰ ভাৰতীয় বুলি গৌৰৱ কৰা অধিকাংশ লোকৰে বৈষম্যমূলক ধ্যান-ধাৰণা সময়ে সময়ে স্পষ্টৰূপত প্ৰতিফলিত হৈ আহিছে। উত্তৰ-পূবৰ লোকসকলক প্ৰায়ে জংঘলী, বিদেশী আখ্যা দি মূলসুঁতিৰ ভাৰতীয়ই অপমানজনক মন্তব্য কৰা দেখিবলৈ পোৱা যায়।

নিজকে নিৰ্ভেজাল ভাৰতীয় বুলি গৌৰৱ কৰা এই লোকসকলৰ এইদৰে প্ৰকাশ কৰি অহা বৈষম্যমূলক আচৰণৰ জৰিয়তে ভৌগোলিক জ্ঞানৰ নমুনা স্পষ্টৰূপত প্ৰকাশ পায়। এইবাৰ দেশৰ এগৰাকী জেষ্ঠ ৰাজনৈতিক নেতাই উদঙাই দিছে এই ফোঁপোলা জ্ঞানৰ স্বৰূপ।

Apply Now

সমাজবাদী পাৰ্টিৰ (এছপি) জ্যেষ্ঠ নেতা মনীষ জগন আগৰৱালে মণিপুৰৰ এগৰাকী যুৱতীক বিদেশী বুলি অভিহিত কৰি এতিয়া সামাজিক মাধ্যমত ব্যাপক নিন্দাৰ সন্মুখীন হৈছে।

মণিপুৰৰ লিচিপ্ৰিয়া কাংগুজাম নামৰ যুৱতীগৰাকীয়ে হাতত এখন প্লে’কাৰ্ড লৈ তাজমহলৰ ওচৰত প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এখন ফটো প্ৰকাশ কৰিছিল।

কিন্তু সমাজবাদী পাৰ্টিৰ নেতাগৰাকীয়ে এই যুৱতীগৰাকীক বিদেশী পৰ্যটক বুলি আখ্যা দি তেওঁৰ ফটোখন ব্যৱহাৰ কৰি শাসনাধিষ্ঠ বিজেপি চৰকাৰক সমালোচনাৰ চেষ্টা চলায়।

এক টুইট যোগে তেওঁ কয়, “বিদেশী পৰ্যটকসকলেও বিজেপি চৰকাৰক বাস্তৱ অৱস্থা দেখুৱাবলৈ বাধ্য হৈছে। যমুনা নদী বিজেপি চৰকাৰৰ কাৰ্যকালত আৱৰ্জনাৰে ভৰি পৰিছে। তাজমহলৰ সৌন্দৰ্যৰ ক্ষেত্ৰত ই এক কলঙ্ক হিচাপে থিয় দিছে। এগৰাকী বিদেশী পৰ্যটকে বিজেপি চৰকাৰক এই ছবিখন দেখুওৱাৰ প্ৰয়োজন হোৱাটো লজ্জাজনক।”

মনীষ জগন আগৰৱালে ফটোখন টুইট কৰাৰ পিছতে কাংগুজামে ৰাজনীতিবিদ গৰাকীৰ এই কাৰ্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

টুইট যোগে কাংগুজামে কয়, “হেল্ল ছাৰ, মই এজন গৌৰৱান্বিত ভাৰতীয়। মই বিদেশী নহয়।”

কাংগুজামৰ এই প্ৰতিক্ৰিয়াৰ পিছতে সামাজিক মাধ্যমত বহু লোকেই সমাজবাদী পাৰ্টিৰ নেতাগৰাকীৰ এই নিৰ্লজ জ্ঞানৰ বাবে তীব্ৰ নিন্দা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd